আজি বিনোদ মেহৰাৰ জন্মদিন

111

পূজাশ্ৰী কলিতা

মাত্ৰ ৪৫টা বছৰ৷ এই ৪৫টা বছৰতে বলীউডৰ অগণন দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ৷ নিজৰ কলাত্মক অভিনয় শৈলীৰে প্ৰতিজন চলচ্চিত্ৰপ্ৰেমীৰ মন মগজুত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হয় তেওঁ৷ কিন্তু অতি কম বয়সতে তেওঁ এই পৃথিৱীৰ পৰা বিদায় লয়৷ তেওঁ আন কোনো নহয়, বলীউডৰ এক অনন্য অভিনয় শৈলীৰ অভিনেতা বিনোদ মেহেৰা৷ বিনোদ মেহৰাৰ আজি জন্মদিন৷ তেখেত যদি জীয়াই থাকিলহেঁতেন তেতিয়াহ'লে আজি ৭৪সংখ্যক জন্মদিন উদ্‌যাপন কৰিলেহেঁতেন বলীউডৰ তাৰকাসকলে৷

আজি বিনোদ মেহেৰাৰ জন্মদিন

৭০-৮০ দশকৰ দিনত সকলো লোকৰে হৃদয়ত স্হান দখল কৰিবলৈ স ক্ষমহোৱা বিনোদ মেহৰা সেই সময়ৰ এজন প্ৰখ্যাত অভিনেতাৰূপে পৰিচিত আছিল৷বিনোদ মেহৰাৰ জন্ম হয় ১৯৪৫ চনৰ ১৩ ফেব্ৰুৱাৰীত পঞ্জাবৰ অমৃতসৰত৷ তেখেতৰ বায়েক আছিল সাৰদা ফিল্মৰ মুখ্য অভিনেত্ৰী৷ ১৩ বছৰ বয়সতে বিনোড মেহৰাৰ বলীউডত অভিষেক ঘটে ৰাগিনী ছবিত এজন শিশু অভিনেতাৰূপে৷

আজি বিনোদ মেহেৰাৰ জন্মদিন

 তাৰ পিছত তেখেতে ১৯৬৫ চনত এটা প্ৰাইভেট কোম্পানীত কাম কৰি থাকোঁতে তেখেতৰ বন্ধুসকলে অইল ইণ্ডিয়া টেলেণ্ট কম্পিটিচন এটাত ভাগ ল'বলৈ উৎসাহ দিয়ে৷ এই কম্পিটিচনটোৰ মাজেৰে বিনোদ মেহৰাই আকৌ এবাৰ বলীউডত প্ৰৱেশ কৰে৷ এগৰাকী যুৱ অভিনেতাৰূপে বলীউডত এইবাৰ ভৰি দিয়ে বিনোদ মেহৰাই৷১৯৭১ত 'এক থী ৰীতা'ত তেওঁ অভিনয় কৰে৷ তেখেতৰ অভিনয় জীৱন চলি থকাৰ মাজতে তেখেতৰ প্ৰেমিকা মীনা ব্ৰোকাৰ লগত বিবাহপাশত আবদ্ধ হয়৷

আজি বিনোদ মেহেৰাৰ জন্মদিন

বিবাহৰ পিছতে তেখেত প্ৰথমবাৰ হৃদৰোগত আক্ৰান্ত হয়৷ কেইবছৰমান পিছত তেওঁ প্ৰথমা পত্নীৰ আঁতৰি থাকে৷ কাৰণ তেতিয়া তেওঁৰ জীৱনলৈ আহে সহ-অভিনেত্ৰী বিন্দিয়া আৰু প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ নকৰাকৈয়ে অভিনেত্ৰীগৰাকীক বিয়া কৰায়৷ ইয়াৰ কিছুদিন পিছতে প্ৰথমা পত্নীৰ লগত বিবাহ বিচ্ছেদ ঘটে৷ কিন্তু ১ বছৰ পিছতে বিন্দিয়াই পৰিচালক জেপি দত্তাৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷

আজি বিনোদ মেহেৰাৰ জন্মদিন

দুয়োজনী পত্নীয়ে এৰি যোৱাৰ পিছত মেহৰাৰ ১৯৮৮ চনত কিৰণৰ সৈতে তৃতীয়বাৰলৈ বিবাহপাশত আবদ্ধ হয়৷ কিন্তু বিবাহৰ কেইবছৰমান পিছতে মেহৰাৰ মৃত্যু হয়৷ মেহৰাই কিৰণক দুটি সন্তানৰ সৈতে এৰি থৈ যায়৷ সেই সময়ত বিনোদ মেহৰাৰ অভিনেত্ৰী ৰেখাৰ সৈতেও বহু খবৰ ওলাইছিল৷ 

আজি বিনোদ মেহেৰাৰ জন্মদিন
অৱশ্যে ব্যক্তিগত জীৱনৰ কথা বাদ দি ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়াই যোৱা অৱদানৰ বাবে বিনোদ মেহৰা আজিও জীয়াই আছে তেখেতৰ অনুৰাগীৰ মাজত৷ তেখেতক অমৰ প্ৰেম, ঘৰ, অমৰ দীপ আদি ছবিৰ বাবে দৰ্শকে সদায় মনত ৰাখিব৷
 

Your Comments