আমিৰ খান-মাধুৰীৰ ছুপাৰহিট 'দিল'ৰ ছিকুৱেলৰ প্ৰস্তুতি

2

হিন্দী চলচ্চিত্ৰপ্ৰেমীয়ে পাহৰিব নোৱাৰা এখন ছবি হৈছে ১৯৯০ চনত মুক্তি লাভ কৰা 'দিল'৷ আমিৰ খান আৰু মাধুৰী দীক্ষিতৰ ৰোমাঞ্চেৰে পূৰ্ণ ছবিখনক চিৰসেউজ আখ্যা দিব পাৰি৷ 'দিল' ছবিখনৰ পৰিচালক ইন্দ্ৰ কুমাৰে সুদিৰ্ঘ ২৯ বছৰৰ পিছত ছবিখনৰ ছিকুৱেল নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ পৰিচালকজনে ঘোষণা কৰিছে যে ছিকুৱেলখনৰ নামো 'দিল'ই হ'ব৷ ছিকুৱেলখনত অভিনয় কৰিবলগীয়া শিল্পীসকলৰ নাম শীঘ্ৰে ঘোষণা কৰা হ'ব৷ ইতিমধ্যে চিত্ৰনাট্য প্ৰস্তুত হৈ গৈছে৷

Your Comments