উখল-মাখল পৰিৱেশৰ মাজত নগাঁও ভাওনা সমাৰোহৰ সফল সামৰণি

উখল-মাখল পৰিৱেশৰ মাজত নগাঁও ভাওনা সমাৰোহৰ সফল সামৰণি

নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ থকা নগাঁও ভাওনা সমাৰোহৰ আজি নিশা সফল সামৰণি পৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনাৰ প্ৰসাৰৰ বাবে নগাঁও ভাওনা সমাৰোহ সমিতিৰ উদ্যোগত ২০১২ চনৰ পৰা এই ভাওনা সমাৰোহত অনুষ্ঠিত হৈ আহিছে। বিভিন্ন প্ৰতিযোগিতা আৰু নাম প্ৰসংগৰে উখল- মাখল হৈ থকা নেহৰুবালিৰ ভক্তিস্থলত আজি পুৱা শংকৰী কলা-কৃষ্টিৰ আধাৰত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত দুপৰীয়া নাম প্ৰসংগ অনুষ্ঠিত হয়। বিয়লি শংকৰী কলা-কৃষ্টি প্ৰদৰ্শন কৰা হয়।

মনোৰঞ্জনৰ জৰিয়তে ঈশ্বৰ উপাসনাৰ মূল পথ হিচাপে গুৰুজনাই সৃষ্টি কৰা অংকীয়া ভাওনাৰ প্ৰদৰ্শনে নগাঁৱৰ সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নগাঁও ভাওনা সমাৰোহক কেন্দ্ৰ কৰি চহৰখনত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ। আজি সন্ধিয়া ৭খন খোলাত কেলিগোপাল ৰাস প্ৰদৰ্শনেৰে নগাঁও ভাওনা সমাৰোহৰ সামৰণি পৰে।

কেলিগোপাল ৰাস উপভোগ কৰিবলৈ শ শ লোকৰ সমাগম হয়। গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া ভাওনাৰ প্ৰদৰ্শনে নৱপ্ৰজন্মক গুৰুজনাৰ আদৰ্শৰ প্ৰতি আকৃষ্ট কৰিব বুলি উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ দুৰ্লভ চমুৱাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। তেওঁ লগতে ভাওনা সমাৰোহ সফল কৰি তোলাৰ বাবে সকলোকে কৃতজ্ঞতা জনায়।

Your Comments