বাজেটত সমাজৰ নিম্ন আয়ৰ লোকৰ বাবে বিশেষ আঁচনি

বিধানসভাত জাতীয় সাজ-পাৰ পিন্ধি আহি বাজেট দাখিল কৰে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ গুণমালাৰ শ্লোক মাতি বাজেট ভাষণ আৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে৷ বিগত তিনিটা বছৰত অসমৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ বাজেট ভাষণত দাবী কৰে ডঃ শৰ্মাই৷ বাজেটত সমাজৰ নিম্ন আয়ৰ লোকসকললৈ বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়৷ ৫৩ লাখ লোকক ১ টকা দৰত চাউল প্ৰদান কৰাৰ আঁচনিৰ বিষয়ে ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে৷ ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ বিষয়েও ঘোষণা কৰে বিত্তমন্ত্ৰী শৰ্মা্ই৷

Your Comments