নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাই আজি আছু আৰু নেছ'ৰ নেতৃবৰ্গই নতুন দিল্লীত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী, শিৱসেনাৰ নেতা সঞ্জয় ৰাৱট, তৃণমূল কংগ্ৰেছৰ নেতা স্বাগত ৰায়, জনতা দল (ইউ)ৰ নেতা কে চি ত্যাগীৰ সৈতে আলোচনাত মিলিত হয়৷ নেছ'ৰ অধ্যক্ষ চেমুৱেল জেৰৱা আৰু আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা দুয়োটা সংগঠনৰ নেতৃবৰ্গই আলোচনাকালত তেওঁলোকক ৰাজ্যসভাত বিধেয়কখনৰ সন্দৰ্ভত ভোটগ্ৰহণৰ সময়ত সদন ত্যাগ নকৰি বিধেয়কৰ বিৰুদ্ধে ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়৷
আলোচনাকালত ৰাহুল গান্ধীয়ে আছু-নেছ' নেতৃবৰ্গক জানিবলৈ দিয়ে যে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি, পৰিচয়, অস্তিত্ব নিঃশেষ হোৱা কোনো কাম কাকো কৰিবলৈ নিদিয়ে৷ অসম চুক্তিৰ প্ৰতি দায়বদ্ধ বুলি উল্লেখ কৰি বিধেয়কখনৰ বিৰোধিতা কৰি যোৱাৰ আশ্বাস প্ৰদান কৰে ৰাহুল গান্ধীয়ে৷ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা স্বাগত ৰায়ে স্পষ্টভাৱে কয়- তৃণমূল কংগ্ৰেছে এই বিধেয়কৰ স্পষ্টভাৱে বিৰোধিতা কৰি আহিছে৷ লোকসভাতো বিধেয়কখনৰ বিৰোধিতা কৰিছিল আৰু ৰাজ্যসভাতো তীব্ৰ বিৰোধিতা কৰিব বুলি তেওঁ প্ৰতিনিধি দলটোৰ আগত প্ৰকাশ কৰে৷
আনহাতে, জনতা দল (ইউ)ৰ জ্যেষ্ঠ নেতা কে চি ত্যাগীয়ে বিহাৰৰ মুখ্য মন্ত্ৰী আৰু দলে এই বিধেয়কৰ বিৰোধিতা কৰি আহিছে আৰু কৰি যাব বুলি জনায়৷ একেদৰে শিৱসেনাৰ নেতা সঞ্জয় ৰাৱটে শিৱসেনা এন ডি এৰ সহযোগী দল যদিও এই বিধেয়কৰ বিৰোধিতা কৰি আহিছে আৰু দৃঢ়তাৰে বিৰোধিতা কৰি যাব বুলি প্ৰতিনিধিবৰ্গক জানিবলৈ দিয়ে৷ উল্লেখ্য যে আজিৰ এই প্ৰতিনিধি দলটোত উপস্থিত থাকে আছুৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে সদৌ মণিপুৰ ছাত্ৰ সন্থা, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, খাচী ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থা, মিজো ছাত্ৰ সন্থা আৰু ত্ৰিপুৰা ছাত্ৰ ফেডাৰেচনৰ প্ৰতিনিধিবৰ্গ৷
- Log in to post comments
- 41 views