ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰ (বি জি আৰ) কৰ্তৃপক্ষই আজি চিৰাং আৰু বঙাইগাঁও জিলাৰ সাংবাদিকসকলৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ মত বিনিময় অনুষ্ঠানত মিলিত হয়। চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ মানস অতিথিশালাত দুপৰীয়া ১২ বজাত অনুষ্ঠিত এই মত বিনিময় অনুষ্ঠানত বি জি আৰৰ ভাৰপ্ৰাপ্ত মুখ্য মহাপ্ৰবন্ধক জি চি শিকদাৰ, মুখ্য মহাপ্ৰবন্ধক (প্ৰকল্প) কৈলাস পতি, মহাপ্ৰবন্ধক (টি এছ) আৰ কে কে সিংহ, মহাপ্ৰবন্ধক (মানৱ সম্পদ) ভাস্কৰ হাজৰিকা, উপ-মহাপ্ৰবন্ধক (মানৱ সম্পদ) এন জে দাস আদি উপস্থিত থকাৰ বিপৰীতে দুয়োখন জিলাৰ মুঠ ২৫গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে।
বি জি আৰৰ মানৱ সম্পদ বিষয়া নিলাক্ষী কোঁৱৰে আঁতধৰা অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়ায় উপ-মহাপ্ৰবন্ধক এন জে দাসে। অনুষ্ঠানত মুখ্য মহাপ্ৰবন্ধক শিকদাৰে উৰাবাতৰিৰ ওপৰত ভিত্তি নকৰি শোধনাগাৰৰ বিষয়ে প্ৰকৃত সত্য বাতৰি পৰিবেশন কৰিবলৈ আহ্বান জনায়।
আজিৰ এই মত বিনিময় অনুষ্ঠানৰ আৰম্ভণিতে উপ-মহাপ্ৰবন্ধক (টি এছ) ডি নন্দীয়ে ভাৰতীয় তেল নিগমৰ লগতে বঙাইগাঁও শোধনাগাৰৰ উৎপাদন, বিত্তীয় সফলতা, নিৰাপত্তা, শক্তি সংৰক্ষণ, পাৰদৰ্শিতা, চলি থকা কাম-কাজ, সামাজিক দায়বদ্ধতা আঁচনি আদিৰ ওপৰত তথ্যসহকাৰে প্ৰজেক্টৰৰ জৰিয়তে বিস্তৃত ব্যাখ্যা দাঙি ধৰে।
- Log in to post comments
- 9 views