নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে আজি পুৱা ৮ বজাত বিধেয়কবিৰোধী অসমৰ ৭০ সংগঠনৰ প্ৰতিনিধিয়ে সমাজবাদী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ ৰামগোপাল যাদৱক সাক্ষাৎ কৰে। সাংসদ যাদৱে ৰাজ্যসভাত বিধেয়কখন উত্থাপন নহয় বুলি উল্লেখ কৰাৰ লগতে যদি বিধেয়ক ৰাজ্যসভাত উত্থাপন হয়; তেতিয়াহ’লে তেওঁলোকে বিধেয়কখনৰ বিৰোধিতা কৰিব আৰু বাতিলৰ ব্যৱস্থা কৰিব বুলি ৭০ সংগঠনৰ প্রতিনিধিক প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে, প্ৰতিনিধি দলটোৱে এই সন্দৰ্ভত চিপিআইৰ সাংসদ তথা ৰাজ্যসভাৰ সাংসদ ডি ৰাজা আৰু আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙকো সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোত আছিল অখিল গগৈ, পলাশ চাংমাই, জোনমণি দেৱী খাউণ্ডকে ধৰি আন কেইবাজনো নেতা।
- Log in to post comments
- 9 views