নাগৰিকত্ব আইন সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত জ‍্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদ 

ে

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য প্ৰতিবাদমুখৰ হৈ থকাৰ সময়তে ওদালগুৰি জিলাৰ কলাইগাঁৱত জ‍্যেষ্ঠ নাগৰিকসকলে বিধেয়কখন বাতিল কৰাৰ দাবীত দুই ঘন্টীয়া অৱস্থান প্ৰতিবাদ সাব্যস্ত কৰে৷ কলাইগাঁও আৰক্ষী থানাৰ প্ৰায় ২০ মিটাৰ নিলগত মঙলদৈ-ভূটীয়াচাং পথৰ দাঁতিত প্ৰায় অৰ্ধ শতাধিক বয়জ‍্যেষ্ঠ নাগৰিক একত্ৰিত হৈ বিধেয়কখন বিৰোধিতা কৰে৷ লগতে বিধেয়কখন বাতিল কৰাৰ বাবে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন অসম চৰকাৰে অতি শীঘ্ৰে বাতিল কৰাৰ বাবে কলাইগাঁও ৰাজহ-চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

কলাইগাঁও জ‍্যেষ্ঠ নাগৰিক মঞ্চৰ আহবানত বিধেয়ক বিৰোধী ধৰ্মঘট কাৰ্যসূচীত মঞ্চৰ সভাপতি মহেন্দ্ৰ চন্দ্ৰ নাথ আৰু সম্পাদক গংগাৰাম শৰ্মাৰ লগতে সদৌ ওদালগুৰি জিলা ভোজপুৰী যুৱ ছাত্র পৰিষদৰ সভাপতি কেডাৰনাথ গুপ্তা, কলাইগাঁও আঞ্চলিক ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জিত নাথ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি দ্বীপজ‍্যোতি শৰ্মাৰ লগতে কেইবাটাও সংগঠনৰ বহুকেইগৰাকী বিশিষ্ট ব‍্যক্তি উপস্থিত আছিল।

Your Comments