কংগনাৰ 'মণিকৰ্ণিকা'ৰ সন্তোষজনক আৰম্ভণি

ো

কংগনা ৰাণাৱত অভিনীত বহু চৰ্চিত ছবি 'মণিকৰ্ণিকা:দ্য কুইন অব ঝান্সী'ৰ বক্স অফিচত আৰম্ভণি সন্তোষজনক বিবেচিত হৈছে।ছবিখন ১৮৫৭ চনৰ ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ মহাপৰাক্ৰমী যোদ্ধা মণিকৰ্ণিকা অথবা ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ জীৱন আধাৰিত।২৫ জানুৱাৰীত মুক্তি লাভ কৰা ছবিখনে আৰম্ভণিৰ দুটা দিনত দৰ্শকৰ সঁহাৰি লাভ কৰিছে।লক্ষ্মীবাইৰ স্মৰণীয় স্বদেশপ্ৰেমৰ বাৰ্তাৰ ছবিখনক গণৰাজ্য দিৱসৰ দেশপ্ৰেমময় পৰিৱেশত দৰ্শকে বিপুলভাৱে আদৰি ল'ব বুলি আশা কৰা হৈছে।

মণিকৰ্ণিকাৰ চৰিত্ৰত কংগনাৰ অভিনয়ৰ ইতিমধ্যে শলাগ লৈছে চলচ্চিত্ৰ সমালোচকসকলে। ১২৫ কোটি টকাৰ বাজেটত নিৰ্মিত ছবিখনে মুক্তিৰ প্ৰথম দিনা ভাৰতত ৮.৭৫ কোটি টকা উপাৰ্জন কৰে।উল্লেখ্য যে ছবিখনৰ জৰিয়তে কংগনা ৰাণাৱতে পৰিচালক হিচাপেও আত্মপ্ৰকাশ কৰিছে।মণিকৰ্ণিকাৰ আনগৰাকী পৰিচালক হৈছে ৰাধা কৃষ্ণ জগৰলামুডি।

Your Comments