প্ৰবীণ বেহেলাবাদক লীলা শইকীয়া অসুস্থ : সহায়ৰ আহ্বান

প্ৰবীণ বেহেলাবাদক লীলা শইকীয়া অসুস্থ : সহায়ৰ আহ্বান

জাজৰিৰ পৰা মানসজ্যোতি মহন্ত

ভ্ৰাম্যমাণৰ প্ৰবীণ শিল্পী তথা বেহেলাবাদক লীলা শইকীয়া গুৰুতৰভাৱে অসুস্থ হৈ নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ নগাঁও জিলাৰ হাতীচোং মৌজাৰ মাজগাঁও নিবাসী, বৰ্তমান ৮০ বছৰত ভৰি দিয়া শিল্পীগৰাকী আজি কিছুদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল৷ শেহতীয়াকৈ প্ৰবীণ শিল্পীগৰাকীৰ শাৰীৰিক অৱস্থা অধিক অৱনতি ঘটাত আজি পুৱা পৰিয়ালৰ লোকে তেখেতক নগাঁও চহৰৰস্থিত মাৰ্চি হাস্পতালত ভৰ্তি কৰায়৷

প্ৰবীণ বেহেলাবাদক লীলা শইকীয়া অসুস্থ : সহায়ৰ আহ্বান

উল্লেখ্য যে ৬০ৰ দশকত নটৰাজ অপেৰা, অসম ষ্টাৰ আদিকে ধৰি কেইবাটাও ভ্ৰাম্যমাণ থিয়েটাৰ দলত বেহেলা বজাই ৰাইজৰ হৃদয় জিনিবলৈ সক্ষম হোৱা প্ৰবীণ শিল্পী লীলা শইকীয়াৰ চিকিৎসাৰ ক্ষেত্ৰত পৰিয়ালৰ লোকে আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে৷ এই ক্ষেত্ৰত স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ লগতে সদাশয় ব্যক্তি, স্বেচ্ছাসেৱী অনুষ্ঠান আদিৰ পৰা কিছু সহায় আশা কৰিছে লীলা শইকীয়াৰ পৰিয়ালে৷
 

Your Comments