বিশ্ববাসীয়ে উপভোগ কৰিলে বিৰল মহাজাগতিক দৃশ্য

বিশ্ববাসীয়ে উপভোগ কৰিলে বিৰল মহাজাগতিক দৃশ্য

শতিকাৰ সৰ্বাধিক দৈৰ্ঘ্যৰ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ বিশ্বৰ অগণন লোকে কালি প্ৰত্যক্ষ কৰে। একেদৰে ভাৰততো বিভিন্ন প্ৰান্তৰ লোকে এই মহাজাগতিক দৃশ্য উপভোগ কৰে। অৱশ্যে ডাৱৰীয়া বতৰৰ বাবে কিছু কিছু ঠাইত এই দৃশ্য সম্পূৰ্ণভাৱে দৃশ্যমান নহ’ল। এই বিৰল পৰিঘটনাৰ সময়ত চন্দ্ৰটো উজ্জ্বল ৰঙা হৈ পৰিছিল আৰু ভাৰততো এই ৰূপ দৃশ্যমান হৈছিল।

বিশ্ববাসীয়ে উপভোগ কৰিলে বিৰল মহাজাগতিক দৃশ্য

উল্লেখ্য যে এই পৰিঘটনা ২৭ জুলাইৰ নিশা আন্তঃৰাষ্ট্ৰীয় মান সময় অনুযায়ী ১১.৪৪ বজাত আৰম্ভ হৈছিল আৰু ২৮ জুলাইৰ পুৱতি নিশা ২.৪৩ বজাত সমাপ্ত হৈছিল। আনহাতে, সম্পূৰ্ণ উজ্জ্বল ৰঙা অৱস্থা আৰম্ভ হৈছিল প্ৰায় ১ বজাৰ পৰা। এই বিৰল দৃশ্য উপভোগৰ সাক্ষী হৈ ৰ’ল দক্ষিণ আমেৰিকাৰ কিছু অংশ, ইউৰোপৰ কিছু অংশ, আফ্ৰিকা, এছিয়া আৰু অষ্ট্ৰেলিয়াৰ অগণন লোক।

বিশ্ববাসীয়ে উপভোগ কৰিলে বিৰল মহাজাগতিক দৃশ্য

আনহাতে, ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা অনুযায়ী ভাৰতৰ বিভিন্ন ঠাইত এই চন্দ্ৰগ্ৰহণৰ পিছত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পূজা-অৰ্চনাৰে সমূহীয়াভাৱে পৱিত্ৰ স্নান কৰাৰ বাতৰিও পোৱা গৈছে।

Your Comments