সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব শিৱসেনাই

সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব শিৱসেনাই

কেন্দ্ৰীয় চৰকাৰে সোমবাৰে লোকসভাত উত্থাপন কৰিবলগা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰিব শিৱসেনাই। সংসদত বিধেয়কখন উত্থাপন কৰাৰ লগে লগেই বিৰোধিতা কৰিব দলটোৱে।

কিছুসময় পূৰ্বে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিছে। লগতে বিজ্ঞপ্তিত এই কথাও প্ৰকাশ কৰিছে যে এই বিধেয়কখন গৃহীত হ'লে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ বিঘ্নিত হ'ব৷

সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব শিৱসেনাই

ইয়াৰ উপৰি এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া অৰ্থহীন হ'ব বুলিও উল্লেখ কৰে। সেইবাবেই অসমৰ খিঞ্জীয়াই ইয়াক বিৰোধিতা কৰিছে বুলি শিৱসেনাৰ বিজ্ঞপ্তিটোত প্ৰকাশ।

Your Comments