বঙাইগাঁও জিলাৰ বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তী উদ্যাপনৰ পূৰ্ণ প্ৰস্তুতি চলিছে। অহা ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নৰ্থ বইটামাৰীৰ ডেকলিমাৰী জগন্নাথ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব এই মহাৰজত জয়ন্তী অনুষ্ঠান।
ইতিমধ্যে মহাৰজত জয়ন্তী উদ্যাপনৰ বাবে অঞ্চলটোৰ নাথ জনগোষ্ঠীৰ লোকসকল সাজু হৈছে। অলপতে অনুষ্ঠিত এক সভাত প্ৰভাত চন্দ্ৰ নাথক সভাপতি, নাৰায়ণ চন্দ্ৰ নাথক কাৰ্যকৰী সভাপতি, খজেন চন্দ্ৰ নাথ আৰু ৰমণী মোহন নাথক উপ-সভাপতি, মহেশ নাথক মুখ্য সম্পাদক, ৰাজেশ নাথ আৰু গোলক নাথক যুটীয়া সম্পাদক হিচাপে লৈ মহাৰজত জয়ন্তী উদ্যাপনৰ পূৰ্ণাংগ সমিতিখন গঠন কৰিছে। মহাৰজত জয়ন্তীক লৈ অঞ্চলটোৰ লোকসকলৰ মাজত উৎসাহ-উদ্দীপনা বিৰাজ কৰা পৰিলক্ষিত হৈছে।
- Log in to post comments
- 23 views