বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ ১৩নং ৱাৰ্ডত অবস্থিত ১৬২৯নং শ্ৰীশ্ৰী শংকৰদেৱ শিশু বিদ্যা মন্দিৰৰ মূল দ্বাৰ আৰু চৌহদৰ দেৱাল আনুষ্ঠানিকভাৱে উন্মোচন কৰে ডা: কানুলাল দাসে। প্ৰাপ্ত বাতৰি মতে, ৰজাদিনীয়া উক্ত বিদ্যালয়খন সঠিকভাৱে পৰিচালিত হৈ আছে যদিও বিদ্যালয়ৰ চৌহদ আৰু প্ৰৱেশ দ্বাৰৰ অভাৱ দেখা পোৱা গৈছিল।
বিশিষ্ট সমাজসেৱক তথা সু-চিকিৎসক ডা: কানুলাল দাসে তেওঁৰ মাতৃৰ স্মৃতিত নিজা বৰঙণিৰে আগবঢ়োৱা বিদ্যালয়ৰ প্ৰবেশ দ্বাৰ আৰু চৌহদৰ দেৱাল তেওঁ আজি নিজহাতে উন্মোচন কৰি বিদ্যালয় তথা সেই এলেকাৰ ৰাইজৰ পৰা আশীৰ্বাদ আৰু প্ৰশংসা লাভ কৰে। তেওঁ নিজৰ উপাৰ্জনৰ অৰ্ধাংশ সমাজৰ কল্যাণৰ উদ্দেশ্যে আগবঢ়াই যাব বুলিও উল্লেখ কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে বিলাসীপাৰা প্ৰাথমিক শিক্ষা খণ্ড বিষয়া মনোজ ফুকন, বিশিষ্ট শিক্ষাবিদ আয়ুবউদ্দিন আহমেদ, বিলাসীপাৰা বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক বিষ্ণুচৰণ নাথ, বিদ্যালয় পৰিদর্শক মিজানুৰ ৰহমান আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল।
- Log in to post comments
- 18 views