যুৱ মূকাভিনেতা মিনাংক ডেকাৰ "ছেভ দীপৰ বিল" মিছন

যুৱ মূকাভিনেতা মিনাংক ডেকাৰ "ছেভ দীপৰ বিল" মিছন

গুৱাহাটীৰ এজাক সচেতন যুৱক-যুৱতীয়ে ৰাষ্ট্রীয় জলপানি প্ৰাপক মিনাংক ডেকাৰ নেতৃত্বত গ্ৰহণ কৰে এক ব্যতিক্ৰমী কাৰ্যসূচী। নৱবর্ষৰ সময়ত হাজাৰ হাজাৰ বনভোজ দলে আৱৰ্জনাময় কৰি পেলায় দীপৰ বিল৷

যুৱ মূকাভিনেতা মিনাংক ডেকাৰ "ছেভ দীপৰ বিল" মিছন

ইয়াৰ ফলত প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিললৈ আহিছে ভাবুকি। এই ভাবুকিৰ পৰা দীপৰ বিলক কেনেদৰে ৰক্ষা কৰিব পৰা যায় তাক মূকাভিনয়ৰ জৰিয়তে প্ৰকাশ কৰি দীপৰ বিলৰ পাৰত এক সজাগতা অভিযানত অংশগ্ৰহণ কৰে তেওঁলোকে।

যুৱ মূকাভিনেতা মিনাংক ডেকাৰ "ছেভ দীপৰ বিল" মিছন

মিছন ছেভ দীপৰ বিল নামেৰে নামকৰণ কৰা উক্ত সজাগতামূলক অনুষ্ঠানটোৰ জৰিয়তে বিলখনৰ পাৰলৈ বনভোজ খাবলৈ অহা প্ৰতিটো দল তথা প্ৰতিজন ব্যক্তিৰ কাষলৈ গৈ ধেমালিৰ চলেৰে বিলখনৰ চৌপাশ তথা বনভোজস্থলী পৰিস্কাৰ কৰি ৰাখিবলৈ যুৱক-যুৱতীৰ দলটোৱে আহ্বান জনায়।

যুৱ মূকাভিনেতা মিনাংক ডেকাৰ "ছেভ দীপৰ বিল" মিছন

মূকাভিনয় শিল্পী মিনাংক ডেকাৰ নেতৃত্বত যোৱা দলটোৰ আন আন সদস্যসকল হ'ল ক্ৰমে ভাবনা, হিমাদ্ৰী, ৰেকিবুল আৰু তনিক্সা। দীপৰ বিলৰ লগতে পৰিভ্ৰমী পক্ষীজাকৰ প্ৰতিকূলতাবোৰ অনুকূল কৰাৰ বাবে তেওঁলোকৰ এই প্ৰয়াস বুলি তেওঁলোকে জানিবলৈ দিয়ে।

যুৱ মূকাভিনেতা মিনাংক ডেকাৰ "ছেভ দীপৰ বিল" মিছন

তেওঁলোকৰ এই প্ৰয়াসক উপস্থিত ৰাইজে শলাগ লোৱাৰ লগতে এই পদক্ষেপক আদৰণি জনায়। উল্লেখ্য যে মিনাংক ডেকাই পূৰ্বেও দীপৰ বিলৰ পাৰত 'নিৰ্বাক যাত্ৰা' নামেৰে এক অভিযানৰ জৰিয়তে "চৰাইজাক নহা হ'ল" শীৰ্ষক এক মূকাভিনয় প্ৰদৰ্শন কৰিছিল।

Your Comments

Related Articles