ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
অসম চৰকাৰৰ জলসিঞ্চন বিভাগত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত নীলবাগানৰ বাসিন্দা আইনুল হক চৌধুৰীয়ে অলপতে বিভাগটিত সহকাৰী কাৰ্যবাহী অভিযন্তাৰূপে পদোন্নতি ঘটাত আজি তেওঁক নীলবাগানত সম্বৰ্ধনা জনোৱা হয়৷ ডবকা হাজী আনফৰ আলী কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক ডঃ হাছিনুচ চুলতানৰ পৌৰোহিত্যত নীলবাগানত অনুষ্ঠিত এক অনুষ্টুপীয়া সভাত আইনুল হক চৌধুৰীক উষ্ম সম্বৰ্ধনা জনোৱা হয়৷
নীলবাগান যুৱ সমাজ নামৰ সংস্থাটিয়ে এই সম্বৰ্ধনা সভাৰ আয়োজন কৰে৷ এনাম হুছেইনে আঁতধৰা অনুষ্ঠানটিত যোগীজান খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ খণ্ড সমল ব্যক্তি বদৰুল বেইগ, সাংবাদিক জমিৰ উদ্দিন তালুকদাৰ, নীলবাগান ক্ৰীড়া সন্থাৰ সভাপতি তমিজুৰ ৰহমান লস্কৰ, নীলবাগান মছদ্দৰ আলী বিদ্যাপীঠৰ প্ৰধান শিক্ষক ফখৰ উদ্দিন, মৌলানা আজাদ হাইস্কুলৰ বিজ্ঞান শিক্ষক শ্বাকিৰ আহমেদ বৰভূঞাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে আইনুল হক চৌধুৰীৰ সমাজমুখী কৰ্ম-চেতনাৰ ওপৰত বক্তব্য আগবঢ়ায়৷
সম্প্ৰতি জলসিঞ্চন বিভাগৰ ডিফু কাৰ্যালয়ত কৰ্মৰত হৈ থকা আইনুল হক চৌধুৰীক নীলবাগান যুৱ সমাজে উষ্ম অভিনন্দন জনায়৷ সভাত তেওঁক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আটাইকেইগৰাকী বক্তাই তেওঁৰ কৰ্মময় জীৱনক প্ৰশংসাৰে ওপচাই পেলায়৷
চৰকাৰী চাকৰিৰ সমানে আইনুল হক চৌধুৰীয়ে নীলবাগান শাখা সাহিত্য সভাৰ সম্পাদক, সদৌ অসম কবি সন্মিলনৰ নীলবাগান শাখাৰ উপদেষ্টা, নীলবাগান মছদ্দৰ আলী বিদ্যাপীঠৰ ন্যাসৰক্ষী, প্ৰতিভা সাৰথি সংস্থাৰ সম্পাদকৰ দায়িত্ব পালন কৰি আহিছে৷
- Log in to post comments
- 21 views