বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ জানুৱাৰী মাহৰ সভাখন আজি বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত বাবুলাল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে উপায়ুক্তগৰাকীয়ে ই-প্ৰস্তুতি ফ্ৰেমৱৰ্কৰ অধীনত জিলাখনৰ http://bongaigaon.gov.in ৱেবছাইটটোৰ শুভাৰম্ভ কৰে৷ উল্লেখ্য যে পূৰ্বতে ৱেবছাইট আছিল যদিও তাত কেৱল উপায়ুক্ত কাৰ্যালয়ৰ তথ্যপাতিহে সন্নিৱিষ্ট আছিল৷
কিন্তু এতিয়াৰে পৰা এই ৱেবছাইটটোত জিলাখনৰ বিভিন্ন বিভাগৰ আঁচনি, হিতাধিকাৰী, নিবিদা, সাংস্কৃতিক ঐতিহ্য আদিৰ তথ্য পোৱা যাব৷ ইপিনে জিলা উন্নয়ন সমিতিৰ সভাত কৃষি বিভাগৰ জিলা বিষয়াই অৱগত কৰে যে মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত একোখন গাঁৱৰ এখনকৈ আবেদন জনোৱা আবেদনকাৰীক ইতিমধ্যে ২০৬খন ট্ৰেক্টৰ বিতৰণ কৰা হৈছে আৰু এখন গাঁৱৰ পৰা কে'বাখনো আবেদন কৰা আবেদনকাৰীৰ প্ৰায় ৪৩৫খন আবেদনৰ পৰা ১৯ জানুৱাৰীৰ ভিতৰত হিতাধিকাৰী বাছনি কৰা হ'ব৷
আনহাতে, মুখ্য মন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনাৰ অধীনত ক্ষুদ্ৰ আৰু উপান্ত কৃষকক তেওঁলোকৰ প্ৰয়োজনীয় সা-সঁজুলি কিনিবলৈ ৫০০০ টকাকৈ প্ৰদান কৰা হ'ব৷ সভাত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিষয়াই কয় যে বিবেকানন্দ যুৱ সবলীকৰণ যোজনা, অসমৰ অধীনত ২০১৮-১৯ বৰ্ষৰ বাবে ২,৩৬৮গৰাকী নিবনুৱা যুৱকক ঋণ দিয়াৰ বাবে লক্ষ্য বান্ধি লোৱা হৈছে৷ ইতিমধ্যে ২,৩৪৪গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ১২ জানুৱাৰীত ঋণ দিয়াৰ বাবে বাছনি কৰা হৈছে৷
সেইদৰে গড়কাপ্তানী গৃহ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাই সভাত জনায় যে বঙাইগাঁৱত বি এড কলেজ এখন নিৰ্মাণ কৰা হ'ব আৰু তাৰবাবে ৫ বিঘা মাটি আবণ্টন পোৱা গৈছে৷ কলেজখনৰ বাবে আৰু ৫ বিঘা মাটিৰ দৰকাৰ হ'ব বুলিও উল্লেখ কৰে৷ আনহাতে, বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলিও জনায়৷ উল্লেখ্য যে সভাত জিলা উপায়ুক্তই জিলাখনত ৱান ষ্টপ চেণ্টাৰ (One Stop Centre) এটি কেন্দ্ৰীয় চৰকাৰৰ অধীনত নিৰ্মাণ কৰা হ'ব বুলি জনায়৷
এই কেন্দ্ৰটি সমাজ কল্যাণ বিভাগৰ অধীনত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত নিৰ্মিত হ'ব আৰু এই জানুৱাৰী মাহৰ পৰাই কাৰ্যক্ষম হ'ব বুলিও কয়৷ এই কেন্দ্ৰত জিলাখনৰ ঘৰুৱা হিংসাৰ বলি হোৱা মহিলা বা আন নিৰ্যাতিত মহিলাই চিকিৎসা সেৱা, আইনী সেৱা আদি লাভ কৰিব৷
সভাত অসম দক্ষতা বিকাশ মিছনৰ বিষয়াই দক্ষ (ডি এ কে এছ এইচ এ) এপৰ (App) বিষয়ে অৱগত কৰে৷ সভাত আন বিভিন্ন বিভাগবোৰেও তেওঁলোকৰ আঁচনি ৰূপায়ণৰ খতিয়ান দাঙি ধৰে৷ সভাত জিলাখনৰ বিভাগীয় মুৰব্বী বিষয়াসকল উপস্থিত থাকে৷
- Log in to post comments
- 10 views