বঙাইগাঁও জিলাত ধৰ্ণা, বন্ধ, পথ অৱৰোধ আদি কাৰ্যসূচীৰ দ্বাৰা বিভিন্ন সংগঠনে জিলাখনত আইন-শৃংখলা ভংগ হ'ব পৰা পৰিস্থিতি সৃষ্টি কৰি সৰ্বসাধাৰণ ৰাইজক সমস্যাত পেলাব বুলি আকংশা কৰি জিলা দণ্ডাধীশ বাবুলাল শৰ্মাই এক আদেশযোগে সমগ্ৰ জিলাখনতে প্ৰজোয্য হোৱাকৈ ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে৷
সেই অনুসৰি কোনো ৰাজহুৱা স্থানত পাঁচজন বা ততোধিক লোক সমবেত হোৱাত বাধা আৰোপ কৰা হৈছে৷ আনহাতে, কোনো লোকে লাঠি আদি লৈ ৰাস্তাত ঘূৰি ফুৰিব নোৱাৰিব৷ ৰাজহুৱা স্থানত কোনোৱে ধৰ্ণা দিব নোৱাৰিব আৰু কোনোধৰণৰ দাবীৰে পথ অৱৰোধ কৰিব নোৱাৰিব৷
জিলা দণ্ডাধীশৰ অনুমতি নোহোৱাকৈ উচ্চস্বৰত মাইক ব্যৱহাৰ কৰিব নোৱাৰিব৷ সেইদৰে কাৰো প্ৰতিকৃতি দাহ কৰিব নোৱাৰিব৷ লগতে শান্তি ভংগ কৰিব পৰা কোনো প্ৰৰোচনামূলক মন্তব্য মাইকযোগে দিব নোৱাৰিব আৰু অকৰ্তৃত্বশীলভাৱে কোনো লোকে সেনাৰ পোছাক পৰিধান কৰিব নোৱাৰিব৷ যান-বাহনৰ পৰা কোনো লোকে চান্দা সংগ্ৰহৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে৷
উপৰোক্ত নিষেধাজ্ঞাসমূহ উলংঘন কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বঙাইগাঁও জিলা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰেৰণ কৰা এক প্ৰেছ টোকাত উল্লেখ কৰা হৈছে৷
- Log in to post comments
- 5 views