৪ জানুৱাৰীৰ দিনটো "অসমৰ ক'লা দিন" : অজন্তা নেওগ

৪ জানুৱাৰীৰ দিনটো "অসমৰ ক'লা দিন" : অজন্তা নেওগ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

আজি গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলৰ যোগেদি নৱবৰ্ষত গোলাঘাট সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত পুঁজিৰ সদ্ব্যৱহাৰ আৰু পিছপৰা অঞ্চলৰ ক্ৰীড়া প্ৰতিভা উলিয়াই অনাৰ ক্ষেত্ৰত বিশেষ মনোনিবেশ কৰাৰ সংকল্প লয়।

যদিও বিৰোধী দলৰ বিধায়িকা হিচাপে কিছু সীমাবদ্ধতাৰ মাজেৰে উন্নয়নৰ কাম-কাজসমূহ কৰিবলগা হৈছে, তথাপি বিগত ৩টা বছৰত গোলাঘাট চহৰৰ বাট-পথৰ শোচনীয় অৱস্থাত এই বৰ্ষত মুখ্য বাট-পথসমূহ অনতিপলমে মেৰামতি কৰাৰ কথাও উল্লেখ কৰে। উল্লেখ্য যে অসম-নাগালেণ্ড সীমান্তৰ গ্ৰাম্য ক্ষেত্ৰসমূহত লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহ উপযুক্ত প্ৰশিক্ষণ দি উলিয়াই আনিবৰ বাবে ১০ কোটি টকাৰ এটা ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ কাম-কাজ ইতিমধ্যে আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

অৱশ্যে বৰ্তমান অসমৰ এই অস্থিৰ অৱস্থাক "অগ্নিগৰ্ভা অসম" বুলি উল্লেখ কৰি যোৱা ৪ জানুৱাৰীত দেশৰ প্ৰধান মন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সংসদত অনুমোদন হ'ব বুলি কোৱা দিনটো ৰাজ্যবাসীৰ বাবে এটা "ক'লা দিন" বুলি অভিহিত কৰে। জনমতক অৱজ্ঞা কৰা চৰকাৰে এই বিধেয়কৰ অনুমোদনৰ যোগেদি অসম চুক্তিক এক প্ৰকাৰ নস্যাৎ কৰা বুলিও আক্ষেপ কৰে।

যিসময়ত অসম চুক্তিৰ সকলো দফা আখৰে আখৰে পালন কৰাৰ কথা কৈ শাসনৰ গাদীত বহা বা অসম চুক্তিৰ ফচল এইসকল নেতাৰ হাত চাপৰিয়ে যেন অসমৰ জনমতকে উপলুঙা কৰিছে। জাতি, মাটি, ভেটিৰ কথা কৈ ক্ষমতা লোৱা ৰাজ্য চৰকাৰৰ এনে সহযোগ কোনো কাৰণতে অসমৰ ৰাইজে গ্ৰহণ নকৰে বুলিও উল্লেখ কৰে।

ৰাজনীতিৰ উদ্দেশ্য কেৱল "ভোট ৰাজনীতি" হ'ব নালাগে বুলিও তেওঁ কটাক্ষ কৰে। কংগ্ৰেছৰ দিনত অসমৰ নিষিদ্ধ সংগঠনসমূহৰ সক্ৰিয়তা কমি আহিছিল যদিও বৰ্তমান অধিক সবল ৰূপৰ মূলতে হতাশাগ্ৰস্ত অসমৰ সামাজিক-অৰ্থনৈতিক অস্থিৰ পৰিবেশ বুলি আক্ষেপেৰে প্ৰকাশ কৰে।

Your Comments