যিসময়ত একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ অৱহেলাৰ বাবে বহু চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থা হৈছে, সেইসময়তে বঙাইগাঁও জিলাৰ এখন বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এক অভিনৱ পদক্ষেপত স্থানীয় ৰাইজে যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে। বঙাইগাঁও জিলাৰ নাৰী শিক্ষাৰ অনুষ্ঠান উত্তৰ বইটামাৰী ছোৱালী হাইস্কুলত ২০১৯ বৰ্ষত ষষ্ঠ শ্ৰেণীত নামভৰ্তি কৰা ৩২গৰাকী ছাত্ৰীক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলে নিজাববীয়াকৈ গাইপতি পইচা তুলি সেই ধনেৰে ইউনিফৰ্মৰ কাপোৰ যোগান ধৰে।
ছাত্ৰীসকল তথা অভিভাৱকসকল বিদ্যালয় কৰ্তৃপক্ষৰ এই পদক্ষেপত অতিশয় আনন্দিত হৈছে। উল্লেখ্য যে নৰ্থ বইটামাৰী তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ ছাত্ৰীসকলে এই বিদ্যালয়খনত অধ্যয়ন কৰে। এই বছৰ নতুনকৈ নামভৰ্তি কৰা ছাত্ৰীসকলৰ বেছিভাগেই দৰিদ্ৰ পৰিয়ালৰ। চৰকাৰৰ ফালৰ পৰা ইউনিফৰ্ম দিয়া হয় যদিও সেই ইউনিফৰ্ম কেতিয়া পাব তাৰ কোনো নিশ্চয়তা নাই। কিন্তু ছাত্ৰীসকলে বিদ্যালয়ত ইউনিফৰ্ম পিন্ধি আহিব লাগিব।
বেছিভাগ অভিভাৱকে ছাত্ৰীসকলক ইউনিফৰ্ম দিয়াত সমস্যাৰ সম্মুখীন হয়। সেইবাবে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধ্বজেন চন্দ্ৰ নাথৰ নেতৃত্বত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলে নিজাববীয়াকৈ এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰে। বিভিন্ন ক্ষেত্ৰতো ছাত্ৰীসকলৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে বিদ্যালয় কৰ্ত্তৃপক্ষই।
ফলত বিদ্যালয়খনত শিক্ষাৰ মান উন্নত হৈছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আধিপত্যৰ এই সময়ত এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এনেধৰণৰ প্ৰচেষ্টা প্ৰশংসনীয় হিচাপে বিবেচিত হৈছে।
- Log in to post comments
- 70 views