বগীঢলা কাণ্ডৰ বিৰুদ্ধে গোলাঘাটত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

w

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
দীৰ্ঘ দিন ধৰি বগীঢলা চাহ বাগিচাত মালিক আৰু শ্ৰমিকৰ মাজত হৈ থকা সংঘাতৰ পৰিণতিত কালি নুমলীগড় পোৰা বাংলা অঞ্চলত প্ৰতিবাদ কৰিবলৈ ওলাই অহা বাগিচাখনৰ শ্ৰমিকসকলৰ ওপৰত কৰা আৰক্ষীৰ নিৰ্মম লাঠীচালনাৰ প্ৰতিবাদত আজি গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

যোৱা এটা বছৰে বন্ধ হৈ থকা বাগিচাখনত শ্ৰমিকসকলৰ সমস্যা সমাধান কৰা, বন্ধ প্ৰত্যাহাৰ কৰা আদি দাবী তোলাৰ লগতে ছাত্ৰ সংগঠনটিয়ে মুখ্যমন্ত্ৰী গ' বেক,  শ্ৰম মন্ত্ৰী পল্লৱলোচন দাস মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্লোগান দি এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে। লগতে অতি শীঘ্ৰে বগীঢলা বাগিচাৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰো দাবী তোলে।

Your Comments