গোলাঘাটত মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণৰ বিৰোধিতা সদৌ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ

ৈ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

ৰাজ্যখনৰ ২৮খন জিলাৰ প্ৰাথমিক বিদ্যালয়বোৰত কেন্দ্ৰীয় ৰন্ধনশালৰ জৰিয়তে ১৫টা এন জি অ'/ভি অ'ক দিয়া দায়িত্বৰ প্ৰতিবাদত আজি গোলাঘাট চহৰৰ মাজ মজিয়াৰে বিশাল সমদল বাহিৰ কৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন গোলাঘাট জিলা সমিতিয়ে। প্ৰায় শতাধিক কৰ্মচাৰীয়ে অংশ লোৱা সমদলটিয়ে চৰকাৰ বিৰোধী শ্লেগানেৰে ৰাজহুৱা উদ্যোগ-প্ৰতিষ্ঠানৰ দৰে এই কল্যাণকামী আঁচনিখন ব্যক্তিগতকৰণৰ সিদ্ধান্তক চৰকাৰৰ চৰম প্ৰতাৰণা বুলি কোৱাৰ লগতে কেন্দ্ৰীয় ৰন্ধনশালৰ জৰিয়তে মাজৰাতি বা পুৱতি নিশা প্ৰস্তুত কৰা খাদ্য দিনৰ ১২ বজাৰ পিছত সতেজ হৈ থাকিব নোৱাৰে।

এনে খাদ্য শিশুৰ বাবে স্বাস্থ্য সন্মত নহয়। তদুপৰি চৰকাৰৰ এই সিদ্ধান্তই ২০০৫ চনৰ পৰা আঁচনিখনত জড়িত থকা ৰন্ধন কৰ্মীসকলৰ সামান্য মাননীৰ কামটোওঁ অনিশ্চিত হৈ পৰিব। বছৰটোৰ ১০ মাহৰ বাবে কেন্দ্ৰীয় ধাৰ্য কৰা ১০০০ হাজাৰ টকাৰ এই মাননী নিচেই সামান্য বুলিওঁ দাবী তোলে।

যিটো সময়ত দেশৰ অন্যান্য ৰাজ্যত, ৰাজ্য চৰকাৰে নিজাববীয়াকৈ ৰন্ধন কৰ্মীসকলক বছৰটোৰ ১২ মাহৰ মাননী, প্ৰসূতিকালীন ছুটি, ৪ লাখ টকাকৈ বীমাৰ সুবিধা, বছৰটোত দুযোৰকৈ বস্ত্ৰ, উৎসৱ ভাট্টা আদি প্ৰদান কৰি আছে।সেই সময়ত মহিলা সৱলীকৰণ দ্বাৰা ৰাজ্যৰ বিকাশ কৰা শ্ল'গান গোৱা ৰাজ্য চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন এন জি অ' ৰ হাতত গতাই দি অসমৰ ৰন্ধন কৰ্মীসকলৰ কৰি অহা মাহেকত অতিৰিক্ত ৫০০০ হাজাৰ টকা মাননী, বছৰটোৰ ১২ মাহৰ মাননী, সামাজিক সুৰক্ষাৰ দৰে দাবীবোৰ নস্যাৎ কৰিলে।

উল্লেখ্য যে, অসমৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত ১ লাখ ১৪ হাজাৰ ৰন্ধন কৰ্মীৰ প্ৰায় ৯৫% মহিলা আৰু বেছি ভাগেই বিধৱা বা অবিবাহিতা। তেনেক্ষেত্ৰত চৰকাৰৰ এই সিদ্ধান্তই ৰন্ধন কৰ্মীসকলৰ ভৱিষ্যত অন্ধকাৰ আৰু অনিশ্চিত কৰি তুলিব।

গতিকে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ জিলা সমিতিয়ে অনতিপলমে এই হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ লগতে অসম চৰকাৰে ৰন্ধন কৰ্মীক মাহিলী ৫ হাজাৰ টকাকৈ দিবলৈ, ১২ মাহে মাননী দিয়াৰ ব্যৱস্থা কৰাৰ লগতে পেঞ্চন, চিকিৎসা সাহাৰ্যকে ধৰি সামাজিক সুৰক্ষা দিবলৈ দাবী তুলি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰি অসমৰ মুখ্যমন্ত্ৰীলৈ উপৰোক্ত দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

Your Comments