মৈৰাবাৰীত 'সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহ' উদ্‌যাপন

w

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
মৈৰাবাৰীত 'সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহ' যোৱা ৩১ ডিচেম্বৰত মৈৰাবাৰী বজাৰ প্ৰাঙ্গণত অনুষ্ঠিত হয়৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নগাঁও জিলা বৈধ পৰিমান বিজ্ঞান কাৰ্যালয়ৰ কৰ্মচাৰী আকাবৰ আলীয়ে। সভাত মৰিগাঁও জিলা বৈধ পৰিমান বিজ্ঞান পৰিদৰ্শক ইৰছাদ আহমেদ, প্ৰচাৰ সংগঠক জিয়াবুৰ ৰহমান উপস্থিত থাকি গ্ৰাহকসকলে জোখ-মাখৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়।

নগাঁৱৰ সহকাৰী নিয়ন্ত্ৰক বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ বিষয়া বাবেন দাসৰ নীৰিক্ষণত এই প্ৰচাৰ কাৰ্যসূচী  ৰূপায়ণ কৰা হয় । প্ৰচাৰ সংগঠকগৰাকীয়ে ইতিমধ্যে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ বিভিন্ন ঠাইৰ লগতে বিপণীসমূহতো প্ৰচাৰ পুত্তলিকা, গোহাৰি আদি বিতৰণ কৰে ।

উল্লেখ্য যে  প্ৰত্যেক বছৰৰ ডিচেম্বৰ মাহৰ ২৮ তাৰিখৰ পৰা ৩ জানুৱাৰীলৈ সাতদিনীয়াকৈ সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহ উদ্‌যাপন কৰা হয়।

Your Comments