জুৰীয়াৰ পৰা উত্তম বৰা
এপিএছচি কেলেংকাৰিৰ তদন্ত অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে৷ কেলেংকাৰিত জড়িত বুলি অভিযোগ উত্থাপিত ব্যক্তিৰ জেৰা চলাই যোৱা হৈছে৷ এপিএছচিৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আজি ডিব্ৰুগড় আৰক্ষীয়ে জেৰা কৰে এগৰাকী চক্ৰ বিষয়াক৷ প্ৰাপ্ত তথ্য মতে, ৰূপহী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দৰ্শনা চেতিয়াক ডিব্ৰুগড় আৰক্ষীৰ জেৰা কৰে৷ চক্ৰ বিষয়াগৰাকীক জেৰা কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছত ৰূপহীহাটত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
- Log in to post comments
- 46 views