সোণাৰিত ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ অৱস্থান ধৰ্মঘট

ো

সোণাৰিৰ পৰা ঘন বড়া

বিৰ্তকিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত সোণাৰিত ৰূপায়ণ কৰা হৈছে অবিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰিতো ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। উল্লেখ্য যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিগত সময়ছোৱাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, টাই আহোম যুৱ পৰিষদ, অসমৰ লগতে ৰাজ্যখনৰ ৭০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে আন্দোলন অব্যাহত ৰাখিছে যদিও কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই।

বিপৰীতে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অসমৰ দল-সংগঠনৰ লগতে জনসাধাৰণক উপহাস কৰি জাতিধ্বংসী কাৰ্যত লিপ্ত হৈছে বুলি গুৰুতৰ  অভিযোগ উত্থাপন কৰিছে জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে।


  

Your Comments