বিশিষ্ট সাহিত্যিক-সাংবাদিক কেশৱ শইকীয়াৰ স্মৃতিচাৰণ সভা

ো

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

বিশিষ্ট সাহিত্যিক তথা সাংবাদিক কেশৱ শইকীয়াৰ তৃতীয় বাৰ্ষিক মৃত্যু তিথিত আজি গোলাঘাট জিলা সাংবাদিক সংস্থাই কেশৱ শইকীয়া ন্যাসৰ সহযোগত স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে৷ গোলাঘাট জিলা সাংবাদিক সংস্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত পুৱা স্মৃতিচাৰণ সভাখনৰ পূৰ্বে প্ৰয়াত কেশৱ শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বৰুৱাই।

পুষ্পাঞ্জলি অৰ্পণ কৰে বোলছবি পৰিচালক দীনেশ গগৈ, শিক্ষাবিদ তিলেশ্বৰ তামুলী, কবি-সাহিত্যিক পুণ্যেশ্বৰ পূজাৰী, প্ৰয়াত শইকীয়াৰ পুত্ৰ-বোৱাৰী ৰণধীৰ কেশৱ শইকীয়া, মনালিছা শইকীয়া, সংস্থাৰ সভাপতি-সম্পাদকদ্বয় ক্ৰমে বিকাশ শৰ্মা, ৰোহিত গগৈ, সমীৰণ দিগন্তকে আদি কৰি সংস্থাৰ সমূহ বিষয়ববীয়া আৰু সদস্যসকলে।

ে

ইয়াৰ পিছতে দীনেশ গগৈৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সংস্থাৰ মুখ্য সম্পাদক ৰোহিত গগৈয়ে। প্ৰয়াত শইকীয়াৰ জীৱন-দৰ্শন সন্দৰ্ভত আলোকপাত কৰে জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বৰুৱা, তিলেশ্বৰ তামুলী, পুণ্যেশ্বৰ পূজাৰী, বিকাশ শৰ্মাই। উল্লেখ্য যে সংস্থাৰ মুখ্য সম্পাদক ৰোহিত গগৈয়ে 'কেশৱ শইকীয়াৰ ৰচনাৱলী' শীৰ্ষক গ্ৰন্থখন মাৰ্চ মাহৰ ভিতৰত প্ৰকাশ কৰাৰ ঘোষণা কৰাৰ লগতে যাৱতীয় প্ৰক্ৰিয়া চলি থকাৰ বিষয়ে উল্লেখ কৰে।

Your Comments