চৰাইদেউৰ মেধাৱী ছাত্রৰ আলফা(স্বা:)ত যোগদানৰ সন্দেহ

ে

সোণাৰিৰ পৰা ঘন বৰা

চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত লাকিলী গাঁৱৰ এজন যুৱকে আলফা (স্বাঃ)ত যোগ দিয়াৰ আশংকা প্ৰকাশ কৰা হৈছে৷ গাঁওখনৰ কুমুদ গগৈৰ পুত্ৰ অৰুণাভ গগৈ নামৰ যুৱকজনে নিষিদ্ধ ঘোষিত আলফা (স্বা:)ত যোগ দিয়া বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে। মেধাৱী ছাত্রৰূপে পৰিচিত অৰুণাভে ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। মৰাণৰ নিকটাত্মীয়ৰ গৃহত থাকি পঢ়াশুনা কৰা যুৱকজনে যোৱা ১৮ ডিচেম্বৰত লাকিলীৰ পৰা মৰাণলৈ যায়৷

মৰাণৰ পৰা যোৰহাটলৈ যোৱাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত যুৱকজনৰ মোবাইল ফোন বন্ধ হৈ পৰাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। যোৰহাট অথবা মৰাণ আদিৰ বিভিন্ন ঠাইত বিচাৰিও যুৱকজনৰ কোনো শুংসুত্ৰ পোৱা নগ'ল৷ ইফালে অৰুণাভৰ পিতৃ কুমুদ গগৈয়ে যোৱা ২৮ ডিচেম্বৰত পুত্ৰৰ নিৰুদ্দেশ সন্দৰ্ভত চৰাইপুং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা শিক্ষিত যুৱকে আলফা(স্বা:)ত যোগদান কৰাটো এটা চৰ্চিত বিষয় হৈ পৰিছে।

Your Comments