বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ
অহা ৯ আৰু ১০ জানুৱাৰীত উত্তৰবংগৰ কোচবিহাৰস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান বৈষ্ণৱ আদৰ্শেৰে প্ৰতিষ্ঠিত মধুপুৰ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱৰ আয়োজন কৰা হ'ব৷ অসম চৰকাৰৰ পর্যটন বিভাগৰ পৃষ্ঠপোষকতাত আৰু মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে৷
বিগত বৰ্ষৰ ২৪ আৰু ২৫ ডিচেম্বৰত মহোৎসৱ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পশ্চিমবঙ্গ চৰকাৰে সেইসময়ত বিশেষ কাৰণত অনুমতি নিদিয়াৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হৈছিল ৷ বৰ্তমান স্থানীয় প্ৰশাসনে অনুমতি প্ৰদান কৰাত মহোৎসৱ অনুষ্ঠিত হ'ব বুলি মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে জানিবলৈ দিছে ৷
- Log in to post comments
- 17 views