আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ চৰাইদেউ মহোৎসৱ

ো

সোণাৰিৰ পৰা ঘন বৰা

"আহোমেই অসমীয়া জাতিৰ গুৰি ধৰোতা।আহোমৰ প্ৰথম গৰাকী স্বৰ্গদেউ চাওলুং চ্যু-কা-ফাৰ অবিহনে অসমীয়া জাতি গঠন নহ’লেহেতেন অসমীয়া জাতিৰ পিতৃ পুৰুষজনৰ মৈদাম আজি অনাদৰে পৰি থকাটো কেতিয়াও গ্ৰহণ যোগ্য হ’ব নোৱাৰে। ইয়াক যিকোনো মূল্যৰ বিনিময়তে সংৰক্ষণ কৰা হ'ব "আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে  চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত চৰাইদেউ মৈদামক্ষেত্ৰত আয়োজিত চৰাইদেউ মহোৎসৱৰ মুকলি সভাত বিশেষভাৱে উপস্হিত থাকি ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত এনেদৰে সদৰি কৰে।

এই ক্ষেত্রত চৰাইদেউৰ মৈদামস্থলীৰ লগতে আহোমৰ প্ৰথমজন স্বৰ্গদেউ চুকাফা মৈদামৰ বিশেষ উন্নয়নৰ অৰ্থে ৰাজ্য চৰকাৰে বিশেষ পেকেজ প্ৰদান কৰাৰো ঘোষণা কৰে মন্ত্ৰীজনে। সেই অনুসৰি চৰাইদেউ মৈদামস্থলী সামগ্ৰীক উন্নয়নৰ বাবে পাচঁ কোটি আৰু আহোমৰ প্ৰথমজন স্বৰ্গদেউ চাওলুং চ্যু-কা-ফা মৈদাম উন্নয়নৰ বাবে এক কোটি টকাৰ দুটা পেকেজ ঘোষণা কৰে মন্ত্ৰী হিমন্তই।

ৈ

উল্লেখযোগ্য যে চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকনে আদৰণি ভাষণ দিয়া মুকলি সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে যোৰহাট লোকসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই। শ্যামলী চৰাইদেউ মহিলা সমাজে আদৰণী গীত পৰিৱেশন কৰা মুকলি সভাত সোণাৰি সমষ্টিৰ বিধায়ক তথা শক্তি মন্ত্ৰী তপন কুমাৰ গগৈ, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, অসম পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, মাধ্যমিক শিক্ষা বিভাগৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঞি আদি কৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকনে পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা মহোৎসৱৰ দ্বিতীয় কাৰ্যসূচী অনুসৰি স্মৃতি তৰ্পন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মাণিক গগৈ আৰু বিশিষ্ট অধিবক্তা ডম্বৰু ৰাজকোঁৱৰে। উদযাপন সমিতিৰ কাৰ্যকৰি সভাপতি ধৰ্মেশ্বৰ কোঁৱৰে বৃক্ষ ৰোপণ কৰাৰ পাছত অসম চৰকাৰৰ শক্তি তথা গড়কাপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈয়ে প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰি মহোৎসৱৰ শুভাৰম্ভ কৰে।

Your Comments