নলবাৰীৰ পৰা হেমন্ত কলিতা
নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত উত্থাপনৰ পথ প্ৰশস্থ হোৱাৰ সময়তে উক্ত বিধেয়কৰ বিৰোধিতা কৰি
নলবাৰীত যুৱ-ছাত্ৰ পৰিষদে আজি সন্ধিয়া এক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী গ্ৰহণ কৰে | ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষা তথা সংবিধানৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ সংকল্পৰে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে পৰিষদৰ নলবাৰী চহৰ সমিতিয়েও জিলা কাৰ্যালয় প্ৰাংগণত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে।
এই কাৰ্য্যসূচীৰ জৰিয়তে সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ অনুসৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ যি প্ৰস্তুতি চলোৱা হৈছে তাৰ বিৰোধিতা কৰাৰ লগতে দেশৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ নীতিক আঘাত কৰা প্ৰসঙ্গকো ধিক্কাৰ জনায়। এনে চিন্তা-চৰ্চাই দেশৰ প্ৰচলিত গণতান্ত্ৰিক বিধি ব্যৱস্থাক সংকটৰ দিশে ঠেলি দিয়াৰ আশংকাক নুই কৰিব নোৱাৰি বুলি উক্ত কাৰ্যসূচীত উপস্থিত থকা পৰিষদৰ নেতৃত্বই মত ব্যক্ত কৰাৰ লগতে সংবিধান বিৰোধী এই কাৰ্য বাতিলৰ বাবে ভগৱানে যাতে সংশ্লিষ্ট শাসক পক্ষক সুমতি দিয়ে তাৰো প্ৰাৰ্থনা কৰা হয়৷
আজিৰ এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা ব্ৰজেন চৌধুৰী, যুটীয়া সম্পাদক নিৰোদ দাস, সাংস্কৃতিক সম্পাদক প্ৰণৱজ্যোতি কলিতা, সাংগঠনিক সম্পাদক কৌশিক বৰ্মন, নলবাৰী চহৰ সমিতিৰ সভাপতি প্ৰাঞ্জল কলিতা, সাধাৰণ সম্পাদক উদ্দীপ্ত দাস, উপ-সভাপতি নয়ন শৰ্মা, যুটীয়া সম্পাদক ভাস্কৰ জ্যোতি বৰ্মনকে ধৰি বহু কেইগৰাকী বিষয়ববীয়া।
- Log in to post comments
- 18 views