মঙলদৈত প্ৰধান শিক্ষকৰ গাফিলতি, মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাৰ পৰা বঞ্চিত ২১ শিক্ষাৰ্থী

ং

মঙলদৈৰ পৰা উজ্জ্বল জ্যোতি ডেকা
দৰং জিলাৰ উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীৰ চৰম গাফিলতিৰ বাবেই  বিদ্যালয় খনৰ ২১ গৰাকী ছাত্র-ছাত্রী মুখ্য মন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হব লগীয়া ঘটনাই ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

জানিব পৰা মতে উক্ত বৃত্তি পৰীক্ষাৰ যাৱতীয় প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ আছিল ৫ নৱেম্বৰ , ২০১৮ । কলাইগাৱ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ গাতে লাগি থকা এই বিদ্যালয় খনৰ প্ৰধান শিক্ষক লম্বোদৰ শৰ্মাই  ২১ গৰাকী ছাত্ৰ-ছাত্রীৰ প্ৰ-পত্ৰসমূহ এই কাৰ্যালয়ত সময় মতে জমা নিদিলে । অহা ৬ জানুৱাৰীত অনুষ্ঠিত হবলগীয়া উক্ত বৃত্তি পৰীক্ষাৰ বাবে প্ৰৱেশ-পত্ৰ দিয়াৰ দিন নিৰ্ধাৰণ কৰিছিল ৩১ ডিচেম্বৰ,২০১৮ ।

কিন্তু প্ৰৱেশ-পত্ৰ নিবলৈ অহাৰ পিছতহে ঘটনা পোহৰলৈ আহে । প্ৰধান শিক্ষক লম্বোদৰ শৰ্মাই যেতিয়া ২১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰৱেশ পত্ৰ অহা নাই আৰু তেওঁ লোকে উক্ত পৰীক্ষা দিব নোৱাৰিব বুলি কোৱাত ছাত্ৰ-ছাত্ৰীসকল হতভম্ব হৈ পৰে। এনে পৰিস্থিতিত ক্ষুব্ধ অভিভাৱকসকল উপায়হীন হৈ দৰং জিলা উপায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰে ।

ইতিমধ্যে জিলা উপায়ুক্তগৰাকীয়ে গাফিলতি কৰা প্ৰধান শিক্ষক আৰু কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিভাগীয় শিক্ষা বিষয়াক নিৰ্দেশ দিয়ে। আনহাতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক লম্বোদৰ শৰ্মা আৰু কেৰাণী মূৰুলী মোহন শৰ্মাক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ অভিভাৱকসকলে উপায়ুক্তক দাবী জনায়।

Your Comments