বঙাইগাঁৱত প্ৰাকৃতিক দুৰ্য্যোগত হোৱা ক্ষতিৰ পৰ্যালোচনা সভা 

w

বিগত ২০১৮ বৰ্ষৰ বানপানীত বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম আৰু বইটামাৰী ৰাজহ চক্ৰত আংশিকভাৱে বাট-পথ ক্ষতি হোৱা সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে আজি বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত বাবুলাল শৰ্মাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অতিৰিক্ত উপায়ুক্ত অশ্ৰুমণি মালাকাৰে ৷ সভাত অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালোও উপস্থিত থাকে ৷ সভাত গড়কাপ্তানী গ্ৰাম্য পথ বিভাগৰ অধীনৰ ক্ষতিগ্ৰস্ত ঔডুবি-শালবাৰী পথ, খেলুৱাপাৰা, বালাপাৰা, হকোডোবা আদি গাঁৱৰ পথ, অভয়াপুৰী-পাচনীয়া পথ, আমগুৰি-লতিবাৰী পথ আদিৰ আংশিকভাৱে বিধ্বস্ত পথসমূহ মেৰামতিৰ প্ৰস্তাৱ লোৱা হয় ৷

আনহাতে কুশবাৰী, মেৰেৰচৰ, ডুবাচুৰী, মধুফল আদি গাঁৱৰ পথো আংশিকভাৱে বিধ্বস্ত হোৱা বুলি উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহালে উল্লেখ কৰে আৰু পুৰণি মথাউৰি মেৰামতি কৰিব লাগে বুলিও মহকুমাধিপতিগৰাকীয়ে সভাত উল্লেখ কৰে ৷ আনহাতে এপিডিচিএলৰ সহকাৰী জেনেৰেল মেনেজাৰ দিগন্ত বৰাই কয় যে ধুমুহাত নষ্ট হোৱা ট্ৰেন্সফৰমাৰৰ বিষয়েও এচ ডি আৰ এফৰ আঁচনিত ধৰিবলৈ প্ৰস্তাৱ পঠাব লাগে ৷

ইপিনে বঙাইগাঁও জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খানে কয় যে বানপানীত নষ্ট হোৱা বিদ্যালয় গৃহ সম্পৰ্কত এচ এচ এৰ দ্বাৰা প্ৰস্তাৱ পঠোৱা হৈছে ৷ এই ক্ষেত্ৰত গড়কাপ্তানী গৃহ বিভাগক চাবলৈ উপায়ুক্ত শৰ্মাই নিৰ্দেশ দিয়ে ৷

আনহাতে উপায়ুক্তগৰাকীয়ে কয় যে অন্যান্য ক্ষতিসমূহৰ সন্দৰ্ভতো পৰ্যালোচনা কৰা হ'ব ৷ সভাত বঙাইগাঁৱৰ বিভিন্ন ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল, বঙাইগাঁও পৌৰ সভাৰ সভাপতি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাকে ধৰি বিভিন্ন বিভাগীয় মূৰব্বী বিষয়াসকল উপস্থিত থাকে ৷
 

Your Comments