সংসদৰ চলিত অধিৱেশনতে ছয় জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীক মান্যতা দিয়ক : কোচ ৰাজবংশী জাতীয় মহাসভা 

z

বিগত সময়চোৱাত প্ৰত্যেকটো ৰাজনৈতিক দলেই কোচ ৰাজবংশীৰ লগতে অসমৰ আন পাঁচ জনগোষ্ঠীৰ অনুসূচিত জনজাতিকৰণৰ বিষয়টোক অকল নিৰ্বাচনী ইছ্যু কৰি কেন্দ্ৰ আৰু অসমত  ক্ষমতা দখল কৰা প্ৰতিখন চৰকাৰেই চৰম ভাবে প্ৰতাৰণা আৰু বঞ্চনা কৰি আহিছে। বৰ্তমান কেন্দ্ৰত অধিষ্ঠিত বিজেপি নেতৃত্বাধিন সংযুক্ত চৰকাৰখনো ইয়াৰ ব্যতিক্ৰম নহয় যদিও শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে অনুসূচিত জনজাতিকৰণৰ দাবী সমাধানৰ বাবে সিদ্ধান্ত ল'ব বুলি প্ৰকাশিত বাতৰিয়ে কিছু আশাৰ সঞ্চাৰ কৰিছে বুলি মন্তব্য কৰিছে কোচ-ৰাজবংশী জাতীয় মহাসভাই ৷

এই সন্দৰ্ভত এক প্ৰেছ বিবৃতিত কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে  কয় যে অৱশ্যে এয়া আগন্তুক লোকসভা নিৰ্বাচনৰ এক নিৰ্বাচনী কৌশলো হ'ব পাৰে ৷ কাৰণ যেতিয়ালৈকে চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি লোক সভা আৰু ৰাজ্য সভাত অৰ্থাৎ উভয় সংসদত বিধেয়ক উত্থাপনেৰে গৃহীত নকৰে তেতিয়ালৈকে এনে বাতৰি বিশ্বসযোগ্য নহয়।

আমি বিচাৰো অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক লৈ চৰকাৰে হেতালি নেখেলি চলিত সংসদৰ অধিৱেশনতে উভয় সদনত অনুসূচিত  জনজাতিকৰণৰ বিধেয়ক  উত্থাপন কৰাৰ লগতে গৃহীত কৰি অসমৰ ছয় জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীক মান্যতা দি বাস্তবায়িত কৰক। অসমৰ ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণ কৰিলে অসমখনক ভৱিষ্যতে জনজাতি ৰাজ্য হিচাবে মান্যতা দিব পাৰিব আৰু অসম ৰাজনৈতিকভাৱে বহু পৰিমাণে সুৰক্ষিত হ'ব বুলিও বিবৃতিটোত সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে উল্লেখ কৰে ৷ 

Your Comments