নিৰ্মাণৰ চাৰি বছৰ নহও তেই ভাগিল জলসিঞ্চন বিভাগৰ কোটিটকীয়া বান্ধ

ো

জলসিঞ্চন বিভাগৰ টংলা সংমণ্ডল কাৰ্যালয়ৰ অন্তৰ্গত কোটিটকীয়া আঁচনি ৰূপায়নত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰি বিভাগটোৰ একাংশ দুৰ্নীতি পৰায়ন বিষয়া,অভিযন্ত্ৰা আৰু ঠিকাদাৰে আঁচনি ৰূপায়নত বৃহৎ খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ উল্লেখযোগ্য যে কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰী নদীত তিনি কোটিৰো অধিক টকাৰে পুঠিমাৰী জলসিঞ্চন প্ৰকল্পটো বিগত ২০১৩-১৪ বৰ্ষত নিৰ্মাণ কৰিছিল যদিও আচৰ্যজনকভাৱে কামৰ দায়িত্বত  নিয়োজিত কৰা ঠিকাদাৰ গৰাকীয়ে প্ৰাককলন মতে কাম নকৰাৰ ফলত যোৱা ২০১৭ চনৰ জুলাই মাহৰ সামান্যয় বানতে বান্ধটো ভাগি যায়।

বিভাগীয় নীতি-নিৰ্দেশনা অনুসৰি ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকল্পটোৰ নাম,আৱন্টিত ধনৰ পৰিমাণ, বিত্তীয় বৰ্ষ,ঠিকাদাৰৰ নাম, তদাৰকী বিষয়াৰ নাম,কামৰ আৰম্ভনী আৰু শেষ কৰাৰ তাৰিখ, প্ৰকল্পটোয়ে সামৰি লোৱা কৃষি ভূমিৰ পৰিমান,গাঁৱৰ নাম উল্লেখ থকা নামফলক লগোৱাটো বাধ্যতামূলক যদিও উক্ত স্থানত কোনো ফলক দেখিবলৈ পোৱা নগ'ল।

জানিবপৰামতে বিভাগীয় বিষয়া অভিযন্ত্ৰাৰ আশীৰ্বাদপুষ্ট দাস উপাধিৰ ঠিকাদাৰ গৰাকীয়ে পাল মৰা কাম কৰি আৱন্ত্ৰীত ধনৰ সিংহভাগ লুণ্ঠন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই ক্ষেত্ৰত প্ৰকল্পৰে নিৰ্মাণ সন্দৰ্ভত প্ৰকল্পটোৰ উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰকল্পটো পুনৰ নিৰ্মাণ কৰিবলৈ কৃষক ৰাইজে দাবী জনাইছে।

Your Comments