গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
ৰাজ্যিক আৰক্ষী দায়ৱদ্ধতা আয়োগে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে এছ পি এ চি গোচৰ নম্বৰ-৪০৭/২০১৮ এক গোচৰ ৰুজু কৰি জাননী জাৰী কৰিছে৷ জাননী অনুযায়ী অহা অভিযোগকাৰী গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত ২৮ জানুৱাৰীৰ ভিতৰত আৰক্ষী অধীক্ষক গৰাকীয়ে সকলো নথি-পত্ৰ দাখিল কৰিব লাগিব৷
উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে থকা 'কাজিৰঙা-কাৰ্বি-আংলং ইণ্টাংকি হস্তী প্ৰকল্প'ত অবৈধভাৱে চোৰাং শিল মাফিয়াই বিস্ফোৰণ ঘটনাই শিল আহৰণ কৰি বনহস্তীকে ধৰি ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীত দিশহাৰা কৰি তুলিছিল৷ সাংবাদিকগৰাকীয়ে অনুসন্ধান কৰি চোৰাং শিল মাফিয়াই স্বয়ংক্ৰীয় শিল ভঙা মেচিন বহুৱাই শিল খনন কৰি থকাৰ সম্পৰ্কত তথ্য সহকাৰে গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ জৰিয়তে কাৰ্বি-আংলং জিলাৰ আৰক্ষী অধীক্ষকলৈ ২০১৮ বৰ্ষৰ ৩০ নৱেম্বৰত এক এজাহাৰ দাখিল কৰিছিল৷
উক্ত এহাজাৰত সম্পৰ্কত কাৰ্বি-আংলং জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সাংবাদিক গোস্বামীয়ে ২০১৮ বৰ্ষৰ ৮ ডিচেম্বৰত দলামৰা আৰক্ষী থানাত অবৈধ শিল খননৰ বিৰুদ্ধে পুনৰ এখন এজাহাৰ দাখিল কৰে৷ দলামৰা আৰক্ষীয়ে শিল মাফিয়াক ৰক্ষণাৱেক্ষক দিবলৈ এজাহাৰৰ ভিত্তিত গোচৰটো ৰুজু নকৰি ০৯/২০১৮ ভাৰতীয় দণ্ডবিধি ১৮৮ ধাৰাত এক গোচৰ ৰুজু কৰে৷ যিটো ধাৰা এজাহাৰৰ লগত কোনো সামঞ্জস্য নাই৷
ইয়াৰ পাছতে আৰক্ষীৰ ভূমিকাক লৈ সাংবাদিকগৰাকী ক১০ ডিচেম্বৰত ৰাজ্যিক দায়ৱদ্ধতা আয়োগৰ ওচৰত এক আবেদন দাখিল কৰে৷ উক্ত আবেদনৰ ভিত্তিতেই কাৰ্বি-আংলং জিলা আৰক্ষী অধীক্ষক গৰাকীক সমগ্ৰ বিষয়টোৰ নথি-পত্ৰ দাখিল কৰিবৰ বাবে জাননী প্ৰেৰণ কৰাৰ লগতে যিহেতুকে গোলাঘাট আৰক্ষী অধীক্ষকৰ জৰিয়তে সংবাদিকগৰাকীয়ে এজাহাৰ দাখিল কৰিবলৈ জাননীখনৰ জৰিয়তে নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে৷
- Log in to post comments
- 37 views