নৱবৰ্ষৰ প্ৰথম দিনটোত লোকে লোকাৰণ্য বটদ্ৰৱা ধাম

নৱবৰ্ষৰ প্ৰথম দিনটোত লোকে লোকাৰণ্য বটদ্ৰৱা ধাম

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শঙ্কৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত আজি ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত লোকে লোকাৰণ্য হৈ পৰে৷ পুৱাৰে পৰা ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা বটদ্ৰৱালৈ আগমন ঘটে ভক্তপ্ৰাণ ৰাইজৰ৷

 নতুন বছৰটোত সুখ-শান্তি-সমৃদ্ধি কামনাৰে সকলোৱে গুৰুজনাৰ শ্ৰীচৰণত এগচি বন্তি, শৰাই-নৈবেদ্য আগবঢ়াই সেৱা জনায়৷ দুপৰীয়া বিশেষ নাম-কীৰ্তনত ঐতিহ্যমণ্ডিত কীৰ্তনঘৰৰ ভিতৰে-বাহিৰে হাজাৰ হাজাৰ লোকে নাম-প্ৰসংগত ভাগ লৈ হৰিনাম কীৰ্তনত মগ্ন হোৱা পৰিলক্ষিত হয়৷ 

নৱবৰ্ষৰ প্ৰথম দিনটোত লোকে লোকাৰণ্য বটদ্ৰৱা ধাম

ইপিনে পূৰ্বৰ দৰে বহুসংখ্যক লোকে পবিত্ৰ আকাশীগংগাৰ তীৰত নৱবৰ্ষৰ পহিলা দিনটোত এসাঁজ লগেভাগে খোৱাৰ উদ্দেশ্যৰে সমবেত হয়৷ বেছিভাগেই আকাশীগংগাৰ চৌদিশে ৰন্ধা-বঢ়া কৰি আনন্দ-স্ফূৰ্তিৰে ভোজ-ভাত খোৱাৰ বিপৰীতে একাংশই আকৌ ঘৰৰে পৰা খাদ্য সামগ্ৰী লগত লৈ আনি সেই ঠাইতে লগেভাগে আনন্দৰে খোৱা পৰিবেশ অতি দৃষ্টিনন্দন আছিল৷ 

নৱবৰ্ষৰ প্ৰথম দিনটোত বটদ্ৰৱা থানলৈ আগমন ঘটা যাত্ৰীসকলক আদৰণি জনাই সমগ্ৰ অসমবাসীলৈ বছৰটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে  শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই৷

নৱবৰ্ষৰ প্ৰথম দিনটোত লোকে লোকাৰণ্য বটদ্ৰৱা ধাম

আগন্তুক বৰ্ষটোত বটদ্ৰৱা থান দৰ্শনৰ বাবে অহা যাত্ৰীসকলৰ বাবে সকলো প্ৰকাৰৰ সা-সুবিধা প্ৰদান কৰাৰ লগতে গুৰুজনাৰ জন্মস্থানখনিৰ সৰ্বাংগীণ উন্নয়ন ত্বৰান্বিত কৰিবলৈ সকলোৰে সহায়-সহযোগিতা তথা সু-দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই৷

Your Comments