নগাঁৱৰ ডিমৌত ছাত্ৰ সন্থাৰ ছহিদ দিৱস উদ্‌যাপন

নগাঁৱৰ ডিমৌত ছাত্ৰ সন্থাৰ ছহিদ দিৱস উদ্‌যাপন

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

১৯৮১ চনৰ ৩১ ডিচেম্বৰত অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ তিনিজনকৈ ব্যক্তিয়ে্ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ প্ৰাণ আহুতি দিছিল। আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা ছহিদ আখ্যা পোৱা এই তিনিজন ব্যক্তি হৈছে ৰাজীৱ ৰাজকুমাৰ (ডিমৌ), ভূধৰ ডেকা (ডিমৌ) আৰু নৰেন নাথ (ব্ৰাহ্মণগাঁও)।

নগাঁৱৰ ডিমৌত ছাত্ৰ সন্থাৰ ছহিদ দিৱস উদ্‌যাপন

প্ৰতিবছৰে দক্ষিণ-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাই দিনজোৰা কাৰ্যসূচীৰে ছহিদ দিৱস উদ্‌যাপন কৰি আহিছে। সেই উদ্দেশ্যে আজি দক্ষিণ-পশ্চিম নগাঁও ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিমৌ শাখা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ছহিদ দিৱস উদ্‌যাপন কৰা হয়।

নগাঁৱৰ ডিমৌত ছাত্ৰ সন্থাৰ ছহিদ দিৱস উদ্‌যাপন

আজি পুৱা ৯ বজাত ছহিদৰ সমাধি ক্ষেত্ৰত পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে দক্ষিণ-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিমান বৰকাকতিয়ে। ১০ বজাত ছহিদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি পংকজ বৰা তথা ছহিদ পৰিয়ালবৰ্গই।

নগাঁৱৰ ডিমৌত ছাত্ৰ সন্থাৰ ছহিদ দিৱস উদ্‌যাপন

ইয়াৰ পাছতে ছহিদৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনোৱা হয়। বিয়লি ৩ বজাত নাম-প্ৰসঙ্গ আৰু ৪ বজাত নৱ সূৰুয নামতি দলে দিহানাম পৰিবেশন কৰে। সন্ধ্যা ৬ বজাত ডিমৌ শাখা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক প্ৰাণজিৎ বৰাৰ দ্বাৰা শুভাৰম্ভ কৰা বন্তি প্ৰজ্বলনেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি মৰা হয়।

নগাঁৱৰ ডিমৌত ছাত্ৰ সন্থাৰ ছহিদ দিৱস উদ্‌যাপন

বন্তি প্রজ্বলন কাৰ্যসূচীত ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে। ছহিদ দিৱসৰ সামগ্ৰিক কাৰ্যসূচী আঁতধৰে সাংগঠনিক সম্পাদক মনোজ দাসে।

Your Comments