নামৰূপৰ পৰা সমীৰণ বৰুৱা
চাওঁতে চাওঁতে পূৰণি বছৰটোৱে বিদায় মাগিলে৷ পদূলিত ৰৈ আছে নতুন আশা লৈ এটি নতুন বছৰ৷ নৱবৰ্ষৰ উছাহত সমগ্ৰ বিশ্বই বনভোজ তথা আনন্দ-উল্লাসত মতলীয়া হৈছে৷
তাৰ মাজতেই নামৰূপৰ ৪জন যুৱক ক্ৰমে উৎপল হাজৰিকা, মানসজ্যোতি চাংমাই, অসীম ফুকন আৰু দেৱজিৎ গগৈয়ে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ৷
নামৰূপস্থিত কেইখনমান বিদ্যালয় ক্ৰমে পাব্লিক হাইস্কুল, পাব্লিক এমই স্কুল আৰু সৰুখেৰেমীয়া মজলীয়া বিদ্যালয়ত সৰ্বমুঠ ১০খন ফেন দিয়াৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে৷
লগতে নামৰূপস্থিত মানসিক বিকাৰগ্ৰস্ত লোকসকলক একোখনকৈ কম্বল প্ৰদান কৰে৷ যিদৰে তেওঁলোকে নতুন বছৰটোত সকলো মানুহৰ বাবে চিন্তা কৰিছে, সেইদৰে আমি প্ৰত্যেকেই সাধ্য অনুসৰি মানুহক সহায় কৰি মানৱীয়তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰো আহক৷
এই যুৱককেইজনৰ নতুন বছৰটোক আদৰাৰ ব্যতিক্ৰমী প্ৰচেষ্টাই মানৱতা যে এতিয়াও শেষ হৈ যোৱা নাই তাকেই প্ৰমাণ কৰিলে৷
- Log in to post comments
- 70 views