মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
ব্যাপক অনিয়ম তথা নিম্নমানেৰে আঁচনি ৰূপায়ণ কৰাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি বখলা-বখলে এৰাইছে গড়মূৰ জেংৰাই গড়কাপ্তানী পথৰ ৪ কোটি ৬২ লাখৰ প্ৰকল্প। উল্লেখ্য যে মাজুলীৰ মেৰুদণ্ডস্বৰূপ গড়কাপ্তানী পথৰ এই অভিলাষী আচঁনিটোৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে মাজুলী দক্ষিণপাটৰ বিমলা প্ৰসাদ দত্তৰ পত্নীৰ নেতৃত্বাধীন ডি এইচ বি মাল্টি পাৰপাছ ইঞ্জিনীয়াৰিং এণ্টাৰপ্ৰাইজ নামৰ সংস্হাই।
প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো ব্লেক টপিং কৰি মেৰামতি কৰাৰ বাবে চলিত ২০১৮ বৰ্ষৰ জুন মাহত আঁচনিৰ কাম আৰম্ভ কৰিছিল সংস্থাটোৱে। আঁচনিৰ প্ৰাক্-কলনমতে ব্লেক টপিং কৰাৰ পূৰ্বে বিতুমিক্স তেল দিব লাগে৷ তাৰপিছত বিতুমিন দিব লাগে। ইয়াৰ পিছত পদ্ধতিগতভাৱে ব্লেক টপিঙৰ কাম কৰিব লাগে।
কিন্তু আশ্চৰ্যজনকভাৱে এই প্ৰাক্-কলনৰ নীতিমতে আঁচনি ৰূপায়ণ নকৰাৰ ফলত ব্লেক টপিং কৰাৰ এসপ্তাহৰ পিছতে পথটো এতিয়া বখলা-বখলে এৰাই গৈছে। ফলত ৪ কোট ৬২ লাখ টকা আচঁনিৰ ধন আত্মসাৎ কৰাৰ গভীৰ ষড়যন্ত্ৰত নামিছে। বৰ্তমান গুৱাহাটীৰ বাসিন্দা হ'লেও বিমলা প্ৰসাদ দত্তই মাজুলীত জন্মলাভ কৰা সন্তান হিচাপে দায়িত্বসহকাৰে আঁচনি ৰূপায়ণ কৰিব বুলি মাজুলীবাসীয়ে আশা কৰিছিল যদিও মাজুলীৰ সন্তানে মাজুলীক লুণ্ঠন কৰিবলৈ উদ্যত হৈছে।
এই আঁচনিৰ বিভিন্ন অনিয়ম সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ হৈ থকাৰ পিছতো কোনো ভ্ৰূক্ষেপ নকৰে। তদুপৰি, নিৰ্মীয়মাণ অৱস্থাতে শিলবোৰ ওলাই পৰিছে। শিলবোৰ ৰঙৰ সৈতে ভালকৈ মিহলাই পিটচিং কৰি ৰোলাৰ নকৰাৰ বাবে যথেষ্ট বিসংগতি পৰিলক্ষিত হৈছে।
৪.৫ কোটিৰো অধিক ধনৰ এই অভিলাষী আঁচনিটোৰ প্ৰাক্-কলনমতে আঁচনি ৰূপায়ণ কৰা হোৱা নাই। উল্লেখ্য যে শেহতীয়াকৈ ধেমাজি-ডিব্ৰুগড় সংযোগী বগীবিল দলঙৰ উদ্বোধন হোৱাৰ লগে লগে কমলাবাৰীৰ পৰা পুৱা ৫ বজাত ডিব্ৰুগড় চহৰলৈ যাত্ৰীবাহী বাছ সেৱা আৰম্ভ হৈছে। তদুপৰি, গুৱাহাটীৰ পৰা মাজুলীলৈ সোমোৱাৰ একমাত্ৰ যাতায়াত ব্যৱস্থা।
দৈনিক বিভিন্ন পৰ্যায়ৰ শতাধিক চাৰিচকীয়া গাড়ী মাজুলীলৈ আহে। সেই লৈ গড়মূৰ জেংৰাই গড়কাপ্তানী পথৰ গুৰুত্ব বৃদ্ধি পাইছে যদিও নিৰ্মাণকাৰী সংস্থা ডি এইচ বি মাল্টি পাৰপাছ এণ্টৰপ্ৰাইজে সস্তীয়া মানসিকতা লৈ এই অভিলাষী আঁচনিৰ কাম কৰিছে। আঁচনি ৰূপায়ণৰ নামত এক ল'ৰা-ধেমালি কৰাহে পৰিলক্ষিত হৈছে।
আঁচনি ৰূপায়ণৰ কাম যথেষ্ট লেহেমীয়া হোৱাৰো গুৰুতৰ অভিযোগ আহিছে। যোৱা জুনত আৰম্ভ হোৱা কামটো বৰ্তমানলৈ মাত্ৰ ছয় কিলোমিটাৰহে আগুৱাই নিবলৈ সক্ষম হৈছে। উল্লেখ্য যে মাজুলীৰ বিভিন্ন দল-সংগঠনে সংশ্লিষ্ট বিভাগ তথা মাজুলী জিলা প্ৰশাসনক দাবী জনাই অহাৰ পিছতো সংশ্লিষ্ট গড়কাপ্তানী বিভাগে দুৰ্নীতিপৰায়ণ ঠিকাদাৰ বিমলা প্ৰসাদ দত্তক নাকী লগাব পৰা নাই। সমান্তৰালভাৱে মাজুলী জিলা প্ৰশাসনেও কুম্ভকৰ্ণৰ ভুমিকা পালন কৰিছে।
আঁচনিৰ প্ৰাক্-কলনমতে শিল-বালিৰে খলা-বমা গাঁত পুতি 'কাৰ্পেটিং পিটচ'সহ পুনৰ মেৰামতিৰ ব্যৱস্হা কৰিব লাগে যদিও গাঁতবোৰ পুতিবলৈ যাওঁতে প্ৰয়োজনীয় গ্ৰেবেলবোৰ পদ্ধতিগতভাৱে নিদিয়া, শক্তিশালীভাৱে টাইড নকৰা, ঠিকমতে ৰোলাৰ নকৰা, গাঁতবোৰ ঠিক নকৰা, নিম্নমানৰ বালিৰ ব্যৱহাৰ কৰা আদি অনেক ধৰণৰ অভিযোগ কাম আৰম্ভণিৰে পৰা চলি আহিছে। বিশেষকৈ সংশ্লিষ্ট গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ঠিকাদাৰগৰাকীয়ে আঁচনি ৰূপায়ণৰ নামত বিভিন্ন আসোঁৱাহ তথা অনিয়ম সংঘটিত হৈছে।
- Log in to post comments
- 15 views