বিশ্বনাথত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ল হংস বাহন

বিশ্বনাথত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ল হংস বাহন

বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস

অসম পৰ্যটনৰ ক্ষেত্ৰখনত আজি এক নতুন সংযোজন ঘটিল ৷ দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ল বিশাল হাউছ ব'ট হংস বাহন ৷ ব্ৰহ্মপুত্ৰ নদীক লৈ আৰম্ভ হোৱা নদী পৰ্যটনৰ এই নতুন অধ্যায়ে গুপ্তকাশী বিশ্বনাথলৈ আকৰ্ষণ কৰিব দেশী-বিদেশী পৰ্যটকক ৷ বিশ্বনাথঘাটৰ উমাটুমণি নদীদ্বীপৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া এই হংস বাহনত উঠিয়েই পৰ্যটকে দৰ্শন কৰিব পাৰিব শিলঘাটৰ কামাখ্যা মন্দিৰ, কাজিৰঙা ৰাষ্টীয় উদ্যানৰ লগতে যাব পাৰিব নদীদ্বীপ মাজুলিলৈও ৷

আজি এই হংস বাহনখনৰ শুভ উদ্বোধন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ৷ সুদূৰ কেৰালাৰ নদী পৰ্যটনৰ পৰা অনুপ্ৰাণিত হৈ অসমৰ এজন পৰ্যটন অনুৰাগী তথা গ্ৰীণ আছিয়ানাৰ স্বত্ত্বাধিকাৰী কিশোৰ হাজৰিকাই নিজৰ একক প্ৰচেষ্টাৰে সাজি উলিয়াইছে এই হংস বাহন ৷

এই বৃহৎ নৌকা যানখনত আছে ৭টাকৈ অত্যাধুনিক শীত-তাপ নিয়ন্ত্ৰিত কোঠা, এটা সভাকক্ষ আৰু এখন ওপঙা ৰেস্তোৰাঁ ৷ উত্তৰ বংগৰ কাৰিকৰে অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা এই হংস বাহনত আছে দুটাকৈ ইঞ্জিন ৷ ব্ৰহ্মপুত্ৰৰ বুকুত নৈশ নৌকা বিহাৰ, সান্ধ্য ভ্ৰমণ আৰু বিভিন্ন সুস্বাদ্য ব্যঞ্জনৰে এসাঁজ খোৱাৰ সুবিধা থকা এই হংস বাহনে অসমৰ পৰ্যটন মানচিত্ৰত এক নতুন সংযোজন ঘটালে৷

আনহাতে, কিশোৰ হাজৰিকাৰ প্ৰচেষ্টাতে আন এখন ব'ট গ্ৰীণ আচিয়ানা উদ্বোধন কৰিলে বিশ্বনাথৰ উপায়ুক্ত ধীৰাজজ্যোতি কলিতাই ৷ যাৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ কৰাৰ সুবিধা লাভ কৰিব পৰ্যটকে ৷ এই দুয়োখন জল বাহনে অসমৰ পৰ্যটন ক্ষেত্ৰত পেলাব যথেষ্ট প্ৰভাৱ ৷

Your Comments

Related Articles