১-৩ মাৰ্চলৈ গুৱাহাটীত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

১-৩ মাৰ্চলৈ গুৱাহাটীত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

বিগত দুটা বর্ষৰ দৰে এইবাৰো ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে চলচ্চিত্ৰমৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ'ব তৃতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। গুৱাহাটী জ্যোতি চিত্ৰবনৰ চৌহদত অনুষ্ঠিত হ'বলগা চলচ্চিত্ৰ মহোৎসৱখনৰ তাৰিখ আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে চলচ্চিত্ৰমৰ সাংগঠনিক সম্পাদক অমৰজ্যোতি ডেকাই।

গুৱাহাটী প্ৰেছ ক্লাবত মহোৎসৱ সন্দৰ্ভত আজি অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে চলচ্চিত্ৰমৰ উপ-সভাপতি প্ৰবাল খাউণ্ড, সাধাৰণ সম্পাদক-অভিনেতা ভগৱত প্ৰীতম হাজৰিকা আৰু সদস্য-অভিনেত্ৰী আইমী বৰুৱা। সংবাদমেল সম্বোধন কৰি সাংগঠনিক সম্পাদক অমৰজ্যোতি ডেকাই কয় যে প্ৰতি বছৰৰ দৰে এইবাৰো চলচ্চিত্ৰ মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে হেৰিটেজ চুটি ছবি প্ৰতিযোগিতা।

উক্ত প্ৰতিযোগিতাৰ বাবে তেওঁলোকে নিৰ্ধাৰণ কৰিছে কিছু বিশেষ নিয়ম। সেই অনুযায়ী চুটি ছবিসমূহৰ প্ৰধান বিষয় হ'ব লাগিব "আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ" ইয়াৰ উপৰি ছবিখন হ'ব লাগিব সম্পূৰ্ণ ভাৰতীয় পটভূমিত নিৰ্মিত। লগতে তেওঁলোকে জানিবলৈ দিয়ে যে প্ৰতিখন চুটি ছবি সৰ্বাধিক ২৫ মিনিটতকৈ বেছি হ'ব নালাগিব।

ইয়াৰ উপৰি তেওঁলোকে বান্ধি দিয়া নিয়ম অনুসৰি ছেন্সৰ নকৰা ছবিয়েও অংশগ্ৰহণ কৰিব পাৰিব প্ৰদর্শনৰ 
বাবে৷ কিন্তু পৰিচালকে এখন স্ব-ঘোষণা পত্ৰ ছবিখনৰ সৈতে দিব লাগিব বুলি জানিবলৈ দিয়ে। সংবাদমেলত তেওঁলোকে উল্লেখ কৰে যে চুটি ছবিসমূহ তিনিটা শিতানত প্ৰদৰ্শিত হ'ব।

সেই অনুযায়ী মানবিশিষ্ট অ-কাহিনী, এনিমেচন আৰু তথ্যচিত্ৰ- এইকেইটা শিতানত প্ৰদৰ্শন কৰা হ'ব। আনহাতে, শ্রেষ্ঠ চুটি ছবিক ১ লাখ টকা নগদ ধন প্ৰদান কৰা হ'ব বুলিও সংবাদমেলত সদৰী কৰে। লগতে জুৰিৰ বিশেষ বঁটা আৰু 'ফিল্ম ক্ৰিটিক চাৰ্ক'ল অব্‌ ইণ্ডিয়া'ৰ তৰফৰ পৰা শ্ৰেষ্ট ছবিক মানপত্ৰ প্ৰদান কৰিব।

তাৰবাবে ২০১৯ বর্ষৰ ১০ ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্মিত চুটি ছবি প্ৰতিযোগিতাৰ বাবে জমা দিব লাগিব বুলি উল্লেখ কৰে। ছবিসমূহ www.chalachitram.inৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰিব বুলিও উল্লেখ কৰে। সংবাদমেলতে অভিনেত্ৰী আইমী বৰুৱাই কয় যে বিগত দুটা বর্ষত এই চুটি ছবি শিতানত ৬৫খনতকৈ অধিক ছবিয়ে অংশগ্ৰহণ কৰিছিল৷

এই বর্ষত ছবিৰ সংখ্যা বৃদ্ধি পাব বুলিও তেওঁ উল্লেখ কৰে। চুটি ছবিত অংশগ্ৰহণৰ বাবে ১০০০ টকাকৈ মাচুল ধাৰ্য কৰাৰ বিষয়েও জানিবলৈ দিয়ে। উল্লেখ্য যে এইবাৰৰ চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ বিভিন্ন ভাষাৰ ২০খনকৈ ছবি প্ৰদর্শনৰ বাবে আমন্ত্ৰণ জনাব বুলিও জানিবলৈ দিয়ে৷

Your Comments