অসমৰ চাহ পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ : ভিভিয়ান ৰিচাৰ্ডছ

অসমৰ চাহ পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ : ভিভিয়ান ৰিচাৰ্ডছ

ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন কিংবদন্তী ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডছ অসমৰ চাহৰ প্ৰেমত পৰিল৷ ক্ৰিকেটাৰজনে এইবাৰৰ অসম ভ্ৰমণকালত অসমৰ চাহৰ জুতি লৈ ইমানেই আপ্লুত হৈ পৰে যে সুদূৰ ৱেষ্ট ইণ্ডিজত থকা আপোন পৰিয়ালৰ বাবেও অসমৰ চাহপাতৰ এটা টোপোলা লগত লৈ যাব বুলি তেওঁ জনায়৷

ক্ৰিকেটাৰজনে অসমৰ চাহ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মত ব্যক্ত কৰি কয়- "অসমৰ চাহ পৃথিৱীৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ এবিধ চাহ৷ এই চাহক মই মোৰ দেশৰ মানুহৰ লগত চিনাকি কৰাই দিব বিচাৰোঁ৷"

অসমৰ চাহ পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ : ভিভিয়ান ৰিচাৰ্ডছ

ইফালে ক্ৰিকেটাৰজনৰ এইবাৰ গুৱাহাটী ভ্ৰমণ তেওঁৰ বাবে সদায় স্মৰণীয় হৈ থাকিব বুলিও জনায়৷ ৱেষ্ট ইণ্ডিজৰ নিচিনা চাহ উৎপাদনত অগ্ৰণী ভূমিকা পালন কৰা দেশখনৰ জগত বিখ্যাত ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডছে অসমৰ চাহক লৈ দেখুওৱা আগ্ৰহ নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ৷
    
 

Your Comments