সৰ্বাধিক সমাদৃত আমেৰিকান বাৰাক অ'বামা

w

আমেৰিকাৰ ৰাজনীতি মানেই আকস্মিক উত্থান-পতনৰ অনিশ্চিত ইতিহাস । কিন্তু এনে পৰম্পৰাকো নেওচি জনতাৰ মাজত অটল বৃক্ষ হৈ ৰৈছে বাৰাক অ'বামা । ৰাষ্ট্ৰপতিৰ আসনখন হেৰুৱালে যদিও জনপ্ৰিয়তাত আজিও অদ্বিতীয় প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিজন । শেহতীয়া এক সমীক্ষা অনুসৰি আমেৰিকাৰ নাগৰিকসকলৰ মাজত অ'বামাই হৈছে সৰ্বাধিক সমাদৃত ব্যক্তি । লক্ষণীয় কথাটো হৈছে একেৰাহে ১১ বছৰ ধৰি এই সন্মান লাভ কৰি আছে বাৰাক অ'বামাই ।

আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প দ্বিতীয় স্থানতে থমকি ৰ'বলগীয়া হৈছে । একেৰাহে ৪ বছৰ ধৰি দ্বিতীয় স্থানত আছে ট্ৰাম্প । ইফালে, সমাদৃত মহিলাৰ শীৰ্ষত আছে প্ৰাক্তন ফাৰ্ষ্ট লেডীদ্বয় ক্ৰমে মিচ্ছেল অ'বামা আৰু হিলাৰী ক্লিণ্টন ।

Your Comments