ছিপাঝাৰত বিজেপিৰ পঞ্চায়ত বিজয় উৎসৱ

ছিপাঝাৰত বিজেপিৰ পঞ্চায়ত বিজয় উৎসৱ

ভাৰতীয় জনতা পাৰ্টীৰ ছিপাঝাৰ মণ্ডল সমিতিৰ উদ্যোগত ছিপাঝাৰ একাডেমী খেলপথাৰত পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ সফলতাৰ বাবে দেওবাৰে বিজয় উৎসৱৰ আয়োজন কৰে ।

অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সম্পাদক দিলীপ শইকীয়া, স্হানীয় বিজেপি বিধায়ক বিনন্দ কুমাৰ শইকীয়া, জিলা সভানেত্ৰী নীলিমা দেৱী আৰু বিজেপিৰ স্হানীয় নেতা-কৰ্মীসকল । 

অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ পঞ্চায়তৰ ভাৰতীয় জনতা দলৰ বিজয়ী প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয় । প্ৰায় সহস্ৰাধিক সমৰ্থক উপস্থিত থকা অনুষ্ঠানটি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে যৱনিকা পৰে ।

Your Comments