ৰহা সমষ্টিৰ  মাধৱপাৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত বিজয় প্ৰাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান

ে

বিজেপিৰ দখলত থকা ৰহা সমষ্টিৰ মাধৱপাৰা পাৰা পঞ্চায়তত কংগ্ৰেছৰ বৃহৎ জয়লাভ । বিগত ১০ বছৰ ধৰি এ আই ইউ ডি এফৰ হাতত থকা পঞ্চায়তখনত কংগ্ৰেছ দলটোৱে বিপুল ভোটত জয়ী হয় । শনিবাৰে মাধৱপাৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত কচুৱা তিনিআলিত বিজয়ী প্ৰাৰ্থীসকলক সম্বধৰ্ণা জনাবৰ বাবে এখন সভা অনুষ্ঠিত হয় ।

জিলা পৰিষদখনৰ কংগ্ৰেছ দলৰ নগাঁও জিলা পৰিষদৰ সদস্য ইন্দ মোহন দাস সভানেত্ৰী্ ৰেহেনা খাতুন আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য চইদুৰ ৰহমানক সম্বৰ্ধনা জনোৱাৰ লগতে কংগ্ৰেছ দলৰ পৰা জয়ী হোৱা ৮জন ৱাৰ্ড সদস্যকো সম্বৰ্ধনা জনাই হয় । সম্বৰ্ধনা সভাখনত ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস; কঠিয়াতলী ব্লক কংগ্ৰেছৰ সদস্য আব্দুল কাৰ্জি আদি উপস্থিত থাকে ।

Your Comments