মুখ্যমন্ত্ৰিত্বৰ দৌৰত শচীন, জ্যোতিৰাদিত্য

s

ৰাজস্থান আৰু মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত বিজয়ধ্বজা উৰুৱালে কংগ্ৰেছে । দুয়োখন ৰাজ্যৰ ক্ষমতা দখল কৰিবলৈ আগবাঢ়ি নতুন সমস্যাৰ সন্মুখীন হৈছে কংগ্ৰেছ হাইকমাণ্ড । মুখ্যমন্ত্ৰী কাক পাতিব তাকে লৈ উদ্ভৱ হৈছে এই নতুন সমস্যাৰ । কাৰণ উভয় ৰাজ্যতে মুখ্যমন্ত্ৰী পদৰ বাবে আছে দুজনকৈ সক্ষম, শক্তিশালী দাবীদাৰ ।

a

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হৈছে জ্যেষ্ঠ কংগ্ৰেছ নেতা কমল নাথৰ উপৰি ৰাহুল গান্ধীৰ ঘনিষ্ঠ তথা জনপ্ৰিয় যুৱ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া। দুয়োজনৰে সমৰ্থকসকলে নিজৰ নেতাগৰাকীক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰোৱাবলৈ কংগ্ৰেছ নেতৃত্বৰ ওপৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰিছে ।
একেই পৰিস্থিতি ৰাজস্থানতো ।

দুটাকৈ কাৰ্যকালৰ মুখ্যমন্ত্ৰী অশোক গেহলট নি:সন্দহে এইবাৰো মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ । কিন্তু গেহলটৰ সন্মুখত প্ৰচণ্ড প্ৰত্যাহ্বান হৈ থিয় দিছে ৰাহুল গান্ধীৰ ঘনিষ্ঠ বন্ধু তথা জনপ্ৰিয় যুৱনেতা শচীন পাইলট । প্ৰাপ্ত তথ্য অনুসৰি, শচীনে দুই তৃতীয়াংশ কংগ্ৰেছ বিধায়কৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে ।

a

চূড়ান্ত সিদ্ধান্ত নিৰ্ভৰ কৰিছে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ ওপৰত । মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী নিযুক্তিত ৰাহুলে কাক অগ্ৰাধিকাৰ দিব ? পুৰণা নে নতুন মুখক ? এই প্ৰশ্নৰ উত্তৰলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে দেশবাসীয়ে ।
 

Your Comments