শ্ৰীশ্ৰী মাধৱ থানৰ ইতিহাস

শ্ৰীশ্ৰী মাধৱ থান

ঐতিহাসিক সমলেৰে ভৰপূৰ অসম। অসম ভূমিত এনে কিছুমান ঐতিহাসিক সমল আছে, যিবোৰ আজিও পোহৰলৈ অহা নাই। মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি নগাঁও জিলাত আজিও সুপ্ত হৈ আছে বহু ইতিহাস প্ৰসিদ্ধ ঠাই আৰু ঐতিহাসিক সমল। বহু ইতিহাসৰ সাক্ষী হৈয়ো আজিও বহু পিছপৰি আছে নগাঁও জিলাৰ কামপুৰৰ মাধৱ থান। নগাঁও চহৰৰ পৰা প্ৰায় ৪০ কিঃমিঃ দক্ষিণলৈ আৰু কামপুৰ নগৰৰ পৰা প্ৰায় ১৫ কিঃমিঃ দূৰত্বত প্ৰকৃতিৰ বিনন্দিয়া পৰিৱেশৰ মাজত এই মাৱব থান অৱস্হিত। পাহাৰীয়া নৈ বৰপানীৰ পাৰত প্ৰকাণ্ড প্ৰকাণ্ড  মূল্যৱান গ্ৰেণাইট পাথৰৰ  মাজত মাধৱ থান অবস্থিত। ইতিহাস অনুসৰি মহাভাৰতত উল্লিখিত কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত পঞ্চপাণ্ডৱে অশ্বমেধ যজ্ঞ পাতি নিজৰ ক্ষমতা প্ৰতিপন্ন কৰিবলৈ যজ্ঞৰ ঘোঁৰা এৰিছিল।

শ্ৰীশ্ৰী মাধৱ থানৰ ইতিহাস

সেই যজ্ঞৰ ঘোঁৰা আহি প্ৰমীলা ৰাজ্যত প্ৰৱেশ কৰাত, প্ৰমীলা ৰাজ্যৰ ৰাণী প্ৰমীলাই ঘোঁৰা আবদ্ধ কৰিছিল। ফলত অৰ্জুনে ঘোঁৰা এৰি দিবলৈ কোৱাত ৰাণী প্ৰমীলা অমান্তি হয়। আৰু কোনোপধ্যেই ঘোঁৰা আনিব নোৱাৰি অৰ্জুনে তেওঁৰ সখা মাধৱ (কৃষ্ণ)ৰ পৰামৰ্শ বিচৰাত মাধৱ নিজে আহি প্ৰমীলা ৰাজ্যৰ পূৰ্ব প্ৰান্তত থকা বৰপানী নৈৰ পাৰৰ পাহাৰত বহি দুয়োৰে যুদ্ধৰ মীমাংসা কৰি দি, প্ৰমীলা-অৰ্জুনৰ মিলন ঘটাই যুদ্ধৰ ঘোঁৰা মুকলি কৰিছিল। মাধৱ আহি যি ঠাইত জিৰণি লৈ প্ৰমীলা-অৰ্জুনৰ বিবাদৰ মীমাংসা কৰি দুয়োৰে মিলন ঘটাইছিল সেই  ঠায়ে পৰবৰ্তী কালত মাধৱ থান আৰু পাহাৰটো মাধৱ পাহাৰ হ’ল বুলি জনশ্ৰুতি আছে। আন এক কিংবদন্তি মতে, সত্যযুগত অগস্ত্য মুনিয়ে দক্ষিণা পথত আৰু সমসাময়িক "বিদেঘ্ মাধৱে" পূবফালে হিন্দুধৰ্ম প্ৰচাৰ কৰিছিল। বিদেঘ্ মাধৱে আহি পূব দিশৰ চীন বা বৰপানী নদীৰ পাৰত যিটো পাহাৰত আশ্ৰম পাতি আৰ্যধৰ্ম প্ৰসাৰত মনোনিৱেশ কৰিছিল, সেই ঠায়েই পিছলৈ মাধৱপাৰা নামে জনাজাত হয়।

বৰ্তমান লংকা অঞ্চলটোক ডিমাচা কছাৰীসকলে "ডেমব্ৰা" বা "ডেমেৰা" বুলি কয়। এই ডেমেৰা অঞ্চলত ৰাজত্ব কৰা "বৰাহু বিষ্ণু"ৰ সেৱক মহামাণিক্য বা মহামানিফা ৰজাই উত্তৰ-পূব ভাৰতৰ সংযোগী 'থলুৱা অসমীয়া ভাষা'ত বাল্মিকীৰ সংস্কৃত "ৰামায়ণ"খন মাধৱ কন্দলীৰ দ্বাৰা অনুবাদ কৰাইছিল। এই মাধৱ পাহাৰৰ নামনিত আশ্ৰম পাতি ৰামায়ণৰ অনুবাদ কৰিছিল বুলিও জনশ্ৰুতি আছে। এই জনশ্ৰুতিৰ ওপৰত বিশ্বাস কৰিয়েই হিন্দুসকলৰ বাবে ই এখন পৱিত্ৰ ঠাই হিচাপে পৰিগণিত হৈ আহিছে আৰু যুগ যুগ ধৰি পুজা-অৰ্চনা কৰি আহিছে সকলোৱে। প্ৰতিদিনে এই মহান পুণ্যপীঠলৈ আগমন হয় শ শ ভক্তপ্ৰাণ লোকৰ। উল্লেখ্য যে এই মাধৱ থানত শৰাই দিলে মনোকামনা পূৰ হয় বুলি সকলোৱে বিশ্বাস কৰি আহিছে। মাধৱ থানৰ আন এটা বিশেষত্ব হ’ল এই ঐতিহাসিক থানখনৰ আশেপাশে বিভিন্ন জাতি-জনগোষ্ঠীৰ গ্ৰামাঞ্চল  গঢ়ি উঠিছে যাৰ কাৰণে নগাঁও জিলাৰ দক্ষিণ-পশ্চিমত থকা এই থানখনে  জাতি-জনগোষ্ঠীৰ মিলন ভূমি হিচাপে সদায় পৰিচয় দি আহিছে।

শ্ৰীশ্ৰী মাধৱ থানৰ ইতিহাস

শ্ৰীশ্ৰী মাধৱ থানত অশোকাষ্টমী, শংকৰ উৎসৱ, সাতদিনীয়া ভাগৱত পাঠ আদি অনুষ্ঠান প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে। এই অনুষ্ঠানবোৰত সকলো জনগোষ্ঠীৰ লোকৰ সহায়-সহযোগিতা সঁচাকৈয়ে এটা লক্ষণীয় বিষয়। কিন্তু কিছুমান কাৰকে ঐতিহাসিক থানখনৰ মৰ্যাদা অটুট ৰখাত প্ৰাচীৰ হৈ থিয় দিছে। মাধৱ থানৰ গাতে লাগি আছে মাধৱ পাহাৰ। এই পাহাৰটো মূল্যৱান গ্ৰেণাইট পাথৰেৰে আৱৰি আছে। কিন্ত বিগত বহু বছৰ ধৰি একাংশ অসাধু লোকে এই পাহাৰটো অবৈধভাৱে বেদখল চলাই অহাৰ বাবে ঐতিহাসিক থানখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। তাৰোপৰি থানখনৰ গাৰ কাষেৰে পাৰ হৈ গৈছে বৰপানী নৈ। তীব্ৰবেগী বৰপানী নৈয়ে থানখনৰ কাষতে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে। যাৰ কাৰণে থানখনলৈ ভাবুকি নমাই আনিছে যদিও কাণসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ।

তাৰোপৰি থানখনত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা; যাত্ৰীসকলৰ থকা-শোৱাৰ বাবে নাই সু-ব্যৱস্থা। থানখনৰ উন্নয়নৰ বাবে চৰকাৰ তথা পৰ্যটন বিভাগৰ গুৰুদায়িত্ব আছে যদিও আজিকোপতি বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। ৰাইজৰ দাবী, স্থানীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, ৰহা সমষ্টিৰ বিধায়কগৰাকীয়ে ঐতিহাসিক থানখন বিশ্বৰ মানচিত্ৰত জিলিকাবৰ বাবে পদক্ষেপ হাতত লওক। আমাৰো একেই দাবী।


 

Your Comments

Related Articles