উত্তৰ প্ৰদেশ বাহৰাচি সমষ্টিৰ বিজেপি সাংসদ সাবিত্ৰীবাই ফুলে দলৰ পৰা পদত্যাগ কৰে৷ বিজেপি সাংসদজনে দলৰ কিছুমান কামলৈ অসন্তুষ্টি প্ৰকাশ কৰি দলৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কেন্দ্ৰত এন ডি এ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা সামাজিক ব্যৱস্থাৰ বিভাজন আৰু পিছপৰা জনগোষ্ঠীয় সমাজৰ মানুহক কৰা লাঞ্চিত, অত্যাচাৰ আদি তেওঁ তীব্ৰ ভাষাৰে দলটোক সমালোচনা কৰে৷
বিজেপি সাংসদজনে সংবাদ মাধ্যমৰ আগত মতপোষণ কৰি কয় যে- আজি কিছুিদনৰ পৰা কৰি অহা সামাজিক বিভাজন আৰু ভাৰতৰ পিছপৰা অঞ্চলৰ জনজাতীয় সমাজৰ মানুহক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে৷ সেইবাবে দলটোৰ এনে কিছুমান অনৈতিক কাৰ্য-কলাপৰ বাবে দলটোৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয়৷
- Log in to post comments
- 64 views