'অসম আন্দোলন কৰি অগপ নেতৃত্বই চৰকাৰ গঠন কৰিছিল যদিও পূৰ্বৰ কংগ্ৰেছ চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে গাঁৱলৈ ক্ষমতা বিকেন্দ্ৰীকৰণৰ যি ব্যৱস্থা কৰিছিল, অগপই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰি দিছপুৰতে ক্ষমতা সীমাবদ্ধ কৰি ৰাখিছিল । এইবাৰো অগপ-বিজেপিৰ মিত্ৰজোঁটৰ এই চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা নাছিল যদিও ন্যায়ালয়ৰ নিৰ্দেশত বাধ্য হ'ল ।
-- বঙাইগাঁও বিধানসভা সমষ্টিৰ নৰ্থ বইটামাৰীৰ ডেকলিমাৰী জগন্নাথ মন্দিৰ প্ৰাংগনত আজি বিয়লি অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মণ্ডল পৰ্যায়ৰ এখন নিৰ্বাচনী সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে এনেদৰে মন্তব্য কৰে।

বৰদলৈয়ে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া আখ্যা দি মোদীয়ে এটাৰ পিছত এটাকৈ মিছা প্ৰতিশ্ৰুতিৰে সৰ্বসাধাৰণ ৰাইজক ঠগি অহা বুলি মন্তব্য কৰে । স্থানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সমালোচনাতো মুখৰ হয় প্ৰদ্যুৎ বৰদলৈ ।
ইফালে একেখন নিৰ্বাচনী সভাতে জিলা কংগ্ৰেছৰ সভাপতি শংকৰপ্ৰসাদ ৰায়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে 32 টা বছৰে বঙাইগাঁও সমষ্টিৰ উন্নয়নৰ বাবে বিশেষ একো কাম নকৰাৰ অভিযোগ তোলে।
বঙাইগাঁৱৰ দুশখন বিছনাযুক্ত চিকিৎসালয়, চিলাৰায় উৰণীয়া সেঁতু, ইনড'ৰ ষ্টেডিয়াম আদি সকলো কংগ্ৰেছৰ অৱদান বুলি নেতাজনে উল্লেখ কৰে । উল্লেখযোগ্য যে আজিৰ সভাতে নৰ্থ বইটামাৰী গাঁও পঞ্চায়তৰ বিগত কাৰ্য্যালয় ৰ অগপ দলৰ পঞ্চায়ত ৰ প্ৰতিনিধি এগৰাকী ৰ উপৰি আন কেইবাজনো অগপ কৰ্মী য়ে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে।
সভাত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গিৰীশ বৰুৱা, প্ৰদেশ যুৱ কংগ্ৰেছৰ মিডিয়া সমন্বয়ক তথা যুৱ নেতা জ্যোৰ্তিময় বৈশ্যকে ধৰি কেবাজনো জিলাৰ বিষয়ববীয়া উপস্থিত থাকে। সভাত দুই শতাধিক লোক উপস্থিত থাকে।
- Log in to post comments
- 23 views
