সংকট মোচনৰ একমাত্ৰ পথ প্ৰগতিশীল জাতীয়তাবাদ

জাতীয়তাবাদ

দূৰদৃষ্টিসম্পন্ন নেতৃত্ব অবিহনে এটা জাতি নতুবা এখন ৰাজ্যৰ বৰ্তমান কেতিয়াও সুস্থিৰ হ’ব নোৱাৰে, ভৱিষ্যৎ কেতিয়াও উজ্ব্বল হ’ব নোৱাৰে। অসমত বিগত কেইবাটাও দশক ধৰি এনে দূৰদৃষ্টিসম্পন্ন নেতৃত্বৰ অভাৱ বাৰুকৈয়ে পৰিস্ফূট হৈ আহিছে। সময় আগবঢ়াৰ লগে লগে এই সংকটে জটিলৰ পৰা জটিলতৰ ৰূপহে ধাৰণ কৰিছে। বিগত কেইটামান মাহৰ ভিতৰতে বাৰে বাৰে জাতীয় জীৱনত আক্ৰমণ চলিল, জাতীয় আৱেগ-অনুভূতিত প্ৰচণ্ড আঘাত হনা হ’ল। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অপশক্তিৰ দুঃসাহস স্পষ্ট হৈ পৰিল। প্ৰশ্ন উঠিছে- কাৰ বলেৰে বলীয়ান হৈ ৰাজ্যখনত অপশক্তিৰ এনে অভাৱনীয় উত্থান? সময়ে এই প্ৰশ্নৰ উত্তৰ স্পষ্ট কৰিবই। কিন্তু তাৰ আগতে আমি উপায় বিচাৰিবৰ হ’ল- এই অপশক্তিক বাধা দিয়াৰ, এনে কু-চক্ৰসমূহৰ সকলো ষড়যন্ত্ৰ ওফৰাই ৰাজ্যখনক এক সুস্থিৰ আৰু উজ্জ্বল ভৱিষ্যতৰ পিনে আগবঢ়াই নিয়াৰ।

উপায় এটাই আছে- এক সুস্থ, শক্তিশালী আৰু বাস্তৱসন্মত জাতীয়তাবাদ। অসম জাতীয়তাবাদৰ এখন উৰ্বৰ ক্ষেত্ৰ- এই কথাত আমাৰ তিলমানো সন্দেহ নাই। অসমক ভাল পোৱা ইয়াৰ প্ৰকৃত নাগৰিকসকলৰ মন-মগজুত স্বতঃস্ফূৰ্তভাৱেই জাতীয়তাবাদ প্ৰৱাহিত হৈ আছে। সেয়ে দলগতভাৱে ভিন্ন ৰাজনৈতিক দলেৰে প্ৰত্যক্ষ কিম্বা পৰোক্ষভাৱে জড়িত হ’লেও স্বজাতিৰ মান-মৰ্যাদা ভূলুণ্ঠিত হোৱা দেখিলে প্ৰতিগৰাকী ব্যক্তিৰেই হৃদয়ে হাহাকাৰ কৰি উঠে। প্ৰকাশ্যে অথবা অপ্ৰকাশ্যে ‘শত্ৰু’ৰ বিৰুদ্ধে গৰজি উঠে। স্বদেশ-স্বজাতিক অন্তৰেৰে ভাল পোৱা এইসকল ব্যক্তিক সংঘবদ্ধ ৰূপত আগবঢ়াই নিব পৰাকৈ সুদক্ষ নেতৃত্বৰ অভাৱ হোৱাৰ বাবেহে অসমত জাতীয়তাবাদে সৰ্বশক্তিমান ৰূপ ধাৰণ কৰিব পৰা নাই। আনহাতে, বেছিভাগ সময়ত আৱেগসৰ্বস্ব হোৱাৰ বাবেও জাতীয়তাবাদক বহুজনে ভাল মনেৰে গ্ৰহণ কৰিব পৰা নাই। ক্ষমতামুখী নতুবা প্ৰতিবাদসৰ্বস্ব চৰিত্ৰ অসমৰ জাতীয়তাবাদী সংগ্ৰামৰ আন এক নেতিবাচক দিশ, যাৰ বাবে ই সৰ্বস্তৰৰ জনতাক আকৰ্ষিত কৰাত বহু সময়ত বিফল হৈছে। সেই কথাও আমি দৃঢ়তাৰে ক’ব পাৰোঁ।

আমি ইতিমধ্যে কৈছোঁ- সংকট মোচনৰ এটাই উপায়-শক্তিশালী, সংঘবদ্ধ আৰু দূৰদৃষ্টিসম্পন্ন জাতীয়তাবাদ। এই জাতীয়তাবাদ হ’ব লাগিব বহুমুখী-যি প্ৰতিখন গুৰুত্বপূৰ্ণ ক্ষেত্ৰলৈ ইতিবাচক জাগৰণ আনিব পাৰিব, মানুহৰ মুখত হাঁহি বিৰিঙাব পৰাকৈ পৰিৱৰ্তন আনিব পাৰিব। এনে বহুমুখী জাতীয়তাবাদে সামৰি ল’ব লাগিব ক্ৰমে ৰাজনৈতিক জাতীয়তাবাদ, অৰ্থনৈতিক জাতীয়তাবাদ, সাংস্কৃতিক জাতীয়তাবাদ আৰু ভাষিক জাতীয়তাবাদক। ক্ষেত্ৰ বিশেষে নেতৃত্বও ভিন্ন হওক- প্ৰতিখন ক্ষেত্ৰৰ কোনো বিজ্ঞজনে সংশ্লিষ্ট ক্ষেত্ৰসমূহৰ জাতীয়তাবাদৰ নেতৃত্ব ল’ব লাগিব। কেৱল ৰাজনৈতিক নেতৃত্বৰ গাত দোষ জাপি দিলেই দায়িত্ব শেষ নহয়, বা তেওঁলোকলৈ বাট চাই থকাটোও বুদ্ধিমানৰ কাম হোৱা নাই। ক্ষেত্ৰ বিশেষে জাতীয়তাবাদক শক্তিশালী কৰিব পাৰিলে ৰাজনৈতিক নেতৃত্বই ৰাইজৰ আশা-আকাংক্ষা মনত ৰাখি চলিবলৈ বাধ্য হ’ব-সেয়া দিল্লীয়ে হওক নতুবা দিছপুৰেই হওক। জাতীয়তাবাদৰ আধাৰত যদি জাতিটোকে গঢ়িব নোৱাৰো, তেন্তে সেয়া কিহৰ জাতীয়তাবাদ ?

Your Comments